spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিককলেজীয়া ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা , ৰক্তাক্ত দুয়োখন হাত...

কলেজীয়া ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা , ৰক্তাক্ত দুয়োখন হাত…

ডিজিটেল ডেস্কঃ নাৰী সৱলীকৰণৰ ক্ষেত্ৰত সভা-সমিতিত বিভিন্নধৰণৰ সজাগতামূলক আলোচনা কৰা হয়। কিন্তু প্ৰকৃতাৰ্থত বৰ্তমানৰ নাৰীসমাজ সুৰক্ষিতনে? ৰাজ্যৰ ভিন্ন প্ৰান্তত ঘটা বিভিন্ন ঘটনাৰ মাজতে পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা। ঘটনাৰ স্থান ধুবুৰী। আমালৈ অহা খবৰ অনুসৰি, ৰাজপথত কলেজীয়া ছাত্ৰীক আক্ৰমণ চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলৰ। ধৰ্ষণৰ অপচেষ্টা চলালে চাৰি পাষণ্ডই।

এই ঘটনাত আতংকিত হৈ পৰিছে কলেজীয়া ছাত্ৰীসকলক। ভুক্তভোগী ছাত্ৰীগৰাকীয়ে নিশা ভাতৃৰ সৈতে আৰক্ষী থানাত উপস্থিত হৈ দাখিল কৰিলে এজাহাৰ। কলেজীয়া পোছাক পৰিধান কৰি থকা ছাত্ৰীগৰাকীৰ দুয়োখন হাতত ব্লেট জাতীয় চোকা অস্ত্ৰৰে কটা হৈছে। দৰাচলতে ধুবুৰীৰ একমাত্ৰ আগশাৰীৰ শিক্ষাপ্ৰতিষ্ঠান ‘বি এন মহাবিদ্যালয়’ত স্নাতক তৃতীয় স্বন্মাষিকত অধ্যয়নৰত ছাত্ৰীগৰাকী কলেজৰ পৰা ঘৰলৈ যোৱাৰ বাবে উঠিছিল এখন অ’টোত। যিখন অ’টোৰ পিছফাল আসনত বহি আছিল ধৃত চাৰি যুৱক।

ঘৰ পোৱাৰ পূৰ্বে খালী ঠাইত অ’টোখনৰপৰা ছাত্ৰীগৰাকীক প্ৰথমে নমাই লয় চাৰি দুৰ্বৃত্তই। তাৰ পাছতেই চাৰি দুৰ্বৃত্তই টানি লৈ যোৱাৰ লগতে অপচেষ্টা চেষ্টা চলায়। ব্লেড জাতীয় চোকা অস্ত্ৰৰ আঘাতত ৰক্তাক্ত হয় ছাত্ৰীগৰাকীৰ দুয়োখন হাত। অৱশ্যে ছাত্ৰীগৰাকীৰ জীৱন-মৰণ চিঞৰ আৰম্ভ কৰাত দুৰ্বৃত্তৰ দলটো পলাই সাৰি যায়। যদিও নিৰ্যাতিত ছাত্ৰীগৰাকীয়ে ইতিমধ্যে চিনাক্ত কৰিছে চাৰি দুৰ্বৃত্তক। আক্ৰমণকাৰী চাৰি দুৰ্বৃত্তৰ দলত আছিল জয়নাল, কাবিল, মহোব্বত আৰু আমিৰ হুছেইন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular