Google search engine
29 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeআঞ্চলিকমছজিদৰ ভিতৰতেই হত্যাৰ চেষ্টা এজনকঃ কৰায়ত্ত ১

মছজিদৰ ভিতৰতেই হত্যাৰ চেষ্টা এজনকঃ কৰায়ত্ত ১

বৰপেটা : বৰপেটা জিলাৰ কলগাছিয়াত এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে৷ কলাগছিয়াৰ বালাৰপাথাৰত মছজিদৰ ভিতৰত সোমাই এজনক হত্যাৰ চেষ্টা এজন নিচাসক্ত লোকৰ৷ কেমেৰাত বন্দী হয় এই ভয়ংকৰ মাৰপিটতৰ ঘটনা। ফজৰৰ নামাজ পঢ়ি থকা অৱস্থাত পৰান আলী নামৰ এজন ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ছোৰমান আলী নামৰ এজন ব্যাক্তিয়ে৷

আৰু পঢ়িব পাৰিব :কৃষক মুক্তিৰ সংবাদমেল : বিবেক ভোটৰ আহ্বান মেধা পাটকাৰৰ

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পৰান আলীৰ অৱস্থা সংকটজনক বুলি জানিবলৈ পোৱা গৈছে। আক্ৰমণকাৰী ছোৰমান আলীক ৰচীৰে বান্ধি কেমেৰাৰ সন্মুখত গুৰুলা-গুৰুলকৈ পিটিলে ৰাইজে। উত্তম-মধ্যম দি ছোৰমান আলীক গটাই দিলে আৰক্ষীক।

আৰু পঢ়িব পাৰিব : মছজিদ পুনৰ নিৰ্মাণক লৈ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

উল্লেখযোগ্য যে, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ বালাৰপাথাৰ গাঁৱৰ মছজিদত সংঘটিত হৈছে এই ঘটনা। কোনো ব্যক্তিগত শত্ৰুতা নথকা সত্ত্বেও কেৱল মদ-ভাং সেৱন কৰি ছোৰমান আলী নামৰ নিচাসক্ত ব্যক্তিজনে মাজে মাজে উদ্ভাণ্ডালি কৰি থাকে বুলি ৰাইজে জানিবলৈ দিছে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
84 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
29 °
Wed
34 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular