spot_img
27 C
Guwahati
Friday, September 24, 2021
spot_img
Homeআঞ্চলিকট্ৰেক্টৰ বিতৰণ বন্ধ : কিয় এই সিদ্ধান্ত কৃষি বিভাগৰ !

ট্ৰেক্টৰ বিতৰণ বন্ধ : কিয় এই সিদ্ধান্ত কৃষি বিভাগৰ !

গুৱাহাটী : কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত বিভাগীয় মন্ত্ৰী অতুল বৰাৰ সৈতে আজি পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কৃত্ৰিম মূল্যবৃদ্ধি নোহোৱাকৈ সামগ্ৰী উৎপাদন, বিক্ৰীৰ ব্যৱস্থা লোৱাৰ লগতে প্ৰধান মন্ত্ৰীৰ ফচল বীমা আঁচনি, কৃষি বিভাগৰ পদন্নোতি, খালি পদ পূৰণ সন্দৰ্ভত আলোচনা কৰে৷

অতুল বৰাৰ নেতৃত্বত বিগত ৫ বছৰত কৃষি বিভাগত বুনিয়াদী গঠন হৈছে। শীঘ্ৰেই সাৰৰ অভাৱ দূৰ হব ৰাজ্যত। ১৮ চেপ্তেম্বৰত তেজপুৰ, লখিমপুৰলৈ সাৰ অহা আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে৷ কলা বজাৰৰ বাবে বজাৰত সাৰৰ কৃত্ৰিম নাটনি হয়৷ অসমৰ মাজেৰে সাৰ ম্যানমাৰলৈ যায় বুলিও মন্তব্য মুখ্যমন্ত্ৰীয়ে৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় PM কিষান নিধিৰ আসোৱাহ দূৰ হব৷ নবেম্বৰৰ মাহৰ ভিতৰত অভিযোগ নথকা তালিকা প্ৰকাশ কৰা হ’ব৷ ইয়াৰ উপৰি চৰকাৰে ১০০% বীজ ৰেহাই দিয়াৰ পদক্ষেপ লব বুলিও জানিবলৈ দিয়ে । ৰাজ্যত অচিৰেই দুটা শীতলীকৰণ ভঁৰাল মুকলি হব। ইয়াৰে এটা হোজাইত আৰু আনটো বৰাগাঁৱত হব৷

ইপিনে কৃষিৰ পৰিবৰ্তে শিল বালি কঢ়িওৱাত ট্ৰেক্টৰ ব্যৱহাৰ হোৱাৰ বাবে কৃষি বিভাগৰ ট্ৰেক্টৰ বিতৰণ বন্ধ হ’ব৷ সেয়ে পুৰণি ব্যৱস্থাৰ সলনি কৰি তাৰ পৰিৱৰ্তে গাওঁত ফিছাৰি খন্দা হ’ব। যাৰ বাবে একোখন গাঁৱে ১০ লাখ টকালৈকে পাব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
27 ° C
27 °
27 °
94 %
0kmh
75 %
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular