spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকঔৰংগাজুলি চাহ বাগিচাৰ যুৱক সন্ধানহীন, ক’লৈ গৈছিল তেওঁ?

ঔৰংগাজুলি চাহ বাগিচাৰ যুৱক সন্ধানহীন, ক’লৈ গৈছিল তেওঁ?

ভেৰগাঁওঃ ভেৰগাঁৱৰ ঔৰংগাজুলি চাহ বাগিচাৰ ২নং লাইনৰ আকাশ হেমৰম(২২) নামৰ এজন যুৱক বিগত এমাহে সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোক উদ্বিগ্ন হৈ পৰিছে৷ চাহ বাগিচাখনৰ মাঝি হেমৰম আৰু ৰীণা হেমলমৰ পুত্ৰ আকাশ হেমৰম কৰ্মসূত্ৰে বহিঃৰাজ্যত আছিল। বিগত ৩বছৰে চেন্নাইৰ এটা কোম্পানীত কৰ্মৰত আকাশে নিজৰ বন্ধু ডিমাকুছিৰ বিৰু গোড়ৰ সৈতে ১৬ আগষ্টতে নিজ ঘৰলৈ ৰাওনা হৈছিল৷ কিন্তু আশ্চৰ্যজনকভাৱে ঘৰমুখী আকাশ হেমৰম বিহাৰৰ টাটা নগৰ জংছনৰ পৰা নিৰুদ্দিষ্ট হৈ পৰে। ঘৰৰ একমাত্ৰ সন্তানৰ নিৰুদ্দিষ্টৰ খবৰ লাভ কৰি পৰিয়ালটো শোকত ভাগি পৰিছে।

ইতিমধ্যে স্থানীয় পাণেৰী আৰক্ষী থানাত ঘটনা সম্পৰ্কে অৱগত কৰাৰ উপৰি পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও কোনোধৰণৰ খবৰ লাভ কৰা নাই। উল্লেখ্য যে, লগৰীয়া বিৰু গোড়ে পৰিয়ালৰ লোকক আকাশৰ কানি-কাপোৰৰ সৈতে বিভিন্নধৰণৰ নথি-পত্ৰ জমা দিয়াৰ পাছৰেপৰা কোনোধৰণৰ খা-খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰে।

পৰিয়ালৰ লোকে আকাশৰ নিৰুদ্দিষ্টৰ ঘটনাতো সহজভাৱে ল’ব পৰা নাই৷ এই ঘটনাত গভীৰ ৰহস্য থকা বুলি অভিযোগ কৰি পৰিয়ালে আৰক্ষীক উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে৷ আৰক্ষীৰ তদন্ততহে সম্পূৰ্ণ ঘটনা পোহৰলৈ আহিব বুলি দাবী কৰিছে স্থানীয় ৰাইজেও৷ প্ৰায় ৫ফুট ৮ ইঞ্চি ওখ মিঠাবৰণীয়া যুৱকজনৰ কোনো সম্ভেদ পালে ‘93946-66974’ নম্বৰত যোগাযোগ কৰিবলৈ অথবা নিকটৱৰ্তী আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular