spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকনাই চাকৰি, নাই সংস্থাপন! অসমত নিবনুৱাৰ বাবে বেয়া খবৰ

নাই চাকৰি, নাই সংস্থাপন! অসমত নিবনুৱাৰ বাবে বেয়া খবৰ

ডিজিটেল ডেস্কঃ নিবনুৱা সমস্য৷ সমগ্ৰ বিশ্বকে নিবনুৱা সমস্যই বৰ্তমান জুৰুলা কৰি পেলাইছে৷ ইয়াৰ বাবে বিভিন্ন দেশে হস্ৰকালীন বা দীৰ্ঘম্যাদী কাৰ্যব্যৱস্থা হাতত লৈছে৷ কিন্তু ভাৰতে নিবনুৱাৰ সমস্য সমাধানৰ ক্ষেত্ৰত সদায়ে যেন কোনোবাখিনিত পিছপৰি ৰ’ল, ব্যতিক্ৰম নহয় অসমো৷ উন্নয়নৰ ফুলজাৰি মৰা ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰেও নিবনুৱা সমস্য সমাধানৰ ক্ষেত্ৰত কোনো সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ নকৰিলে৷

নিবনুৱা সমস্যই বিশেষকৈ কৰো’না মহামাৰী সময়ত গুৰুত্বৰ ৰূপ ধাৰণ কৰিলে৷ মহামাৰী বিয়পি পৰাৰ লগে লগে অসমতো নিবনুৱা সমস্যাই গুৰুত্বৰ ৰূপ ধাৰণ কৰিলে| কৰ্মমুখী এচাম শিক্ষিত যুৱক-যুৱতীয়ে আধাতে হেৰুৱাব লগা হ’ল জীৱিকাৰ পথ৷ যিসকল অসমীয়াই লকডাউনৰ কৱলত পৰি নিজৰ জীৱিকা হেৰুৱাব লগা হ’ল তেওঁলোকৰ বাবে ৰাজ্য চৰকাৰে আজিও কোনো উপযুক্ত এখন আঁচনি গ্ৰহণ নকৰিলে৷ তাৰ বিপৰীতে ৰাজ্য চৰকাৰে নিয়োগ মেলা পাতি লাখ-লাখ নিবনুৱাক উপলুঙা কৰাৰ বাহিৰে আন একো নাছিল৷

অসমত বৰ্তমান প্ৰায় ১৬ লাখতকৈ অধিক স্নাতক নিবনুৱা আছে(চৰকাৰী তথ্য মতে)।কিন্তু এই সংখ্যাটো অধিক হব কাৰণ বহু নিবনুৱাই এতিয়াও এমপ্লইমেন্ট এক্সচেঞ্জত নাম ভৰ্তি কৰা নাই। অসমত এতিয়াও প্ৰায় ২৫ লাখতকৈ অধিক নিবনুৱা আছে অনুমান কৰা হয়৷ ৩ কোটি জনস্ংখ্যা থকা অসমৰ বাবে যিটো অতি ভয়্লগা সংখ্যা। এই চৰকাৰ খনে নিবনুৱা সংস্থাপনৰ বাবে বহু কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল, এক লাখ লোকক চাকৰি দিম বুলি যি প্ৰতিশ্ৰুতি দিছিল সেইয়া যেন বাস্তৱত অসাৰ প্ৰতিপন্ন হ’ল৷ চৰকাৰে এতিয়াও চাকৰি দিয়াৰ নামত কেৱল খালী থকা পদত নিযুক্তি দিয়েই দায় সামৰিব বিচাৰিছে৷

শেহতীয়াকৈ অসমত যোৱা চাৰি মাহত প্ৰায় ডেৰ গুণ বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ৷ এই তথ্য প্ৰকাশ কৰিছে চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি নামৰ সংস্থাটোৱে৷ সংস্থাটোৱে প্ৰকাশ কৰে যে, চেপ্তেম্বৰ মাহৰ পৰা ডিচেম্বৰলৈকে একে হাৰত নিৱনুৱা সংখ্যা বৃদ্ধি পাই আহিছে৷ ছেপ্তম্বৰ মাহত ৰাজ্যখনত এই হাৰ ৩.৫১ শতাংশ হোৱাৰ পাছত নৱেম্বৰ মাহত ই অধিক বৃদ্ধি পাই ৪.১২ শতাংশ হোৱাৰ বিপৰীতে ডিচেম্বৰ মাহত এই হাৰ ৫.৮২ শতাংশ হৈছে৷ নিবনুৱাৰ এই ভয়াবহ ছবিখন ৰাজ্যবাসীৰ বাবেই খুবেই চিন্তনীয় হৈ পৰিছে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular