spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকনাও দুৰ্ঘটনাৰ সৈতে জড়িত অভিযুক্তৰ জামিনলাভ, কি ক’লে ডাঃ বিক্ৰমজিৎ, পৰিমিতাৰ পৰিয়ালে?

নাও দুৰ্ঘটনাৰ সৈতে জড়িত অভিযুক্তৰ জামিনলাভ, কি ক’লে ডাঃ বিক্ৰমজিৎ, পৰিমিতাৰ পৰিয়ালে?

ডিজিটেল ডেস্কঃ ৰাজ্য কঁপাই যোৱা নিমাতীঘাটৰ নাও দুৰ্ঘটনাই সকলোকে শোকাহত কৰি তুলিছিল। এই শোকাৱহ নাও দুৰ্ঘটনা সংঘটিত হোৱা প্ৰায় ১৫টা দিন অতিবাহিত হ’ল৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ঘটনাৰ সৈতে জড়িত কেইবাজনো অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ত কৰিছিল। কিন্তু সকলোকে আচম্বিত কৰি সঠিক প্ৰমাণৰ অভাৱত জামিনলাভ কৰে আটকাধীন ব্যক্তিকেইজনে৷ যোৰহাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত নিমাতীঘাটৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ শুনানি চলিছিল৷ আজি নিমাতীঘাট নাও দুৰ্ঘটনাৰ সৈতে জড়িত গ্ৰেপ্তাৰ হোৱা আটাইকেইজন লোকক জামিনমঞ্জুৰ কৰে আদালতে৷ জামিনলাভ কৰে নাওখনৰ গৰাকী পানিৰাম কলিতা, গৌতম কলিতা, উৎপল দত্ত আৰু বিপুল বৰাই৷ লগতে জামিনলাভ কৰে আভ্যন্তৰীণ জল পাৰিবহণ বিভাগৰ ৭জনকৈ কর্মচাৰীয়েও৷


ইফালে, অভিযুক্তৰ জামিনক লৈ ক্ষোভ প্ৰকাশ কৰিছে ডাঃ বিক্ৰম জিৎ বৰুৱাৰ পত্নীয়ে। মুখ্যমন্ত্ৰীক নিজৰ কথা ৰাখিবলৈ অনুৰোধ জনাইছে চিকিৎসকগৰাকীৰ পত্নীয়ে। সাংবাদিকৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰি কয় যে, ‘মুখ্যমন্ত্ৰীয়ে বিচাৰিলে সকলো কৰিব পাৰে!’ ‘প্ৰকৃত দোষীক এতিয়াও ধৰা নাই’- বুলি মন্তব্য প্ৰকাশ কৰিছে বিক্ৰমজিতৰ পত্নীয়ে। লগতে কান্দি কান্দি সাংবাদিকৰ সন্মুখত তেওঁ কয় যে, ‘আজিও সৰুপুত্ৰই নিশা দেউতাকক বিচাৰে! যিকেইটা পৰিয়ালে আত্মীয়ক হেৰুৱাইছে তেওঁলোকেহে বুজে আপোনজনক হেৰুৱাৰ বেদনা কি! ঘটনাৰ সময়ত সকলো আহিল, কিন্তু আজি কোনো নাই।’সকলোৰে মনত এতিয়া এটাই প্ৰশ্নৰ অৱতাৰণা হৈছে যে, ‘ক্ষতিপূৰণ পাবনে বিক্ৰমজিতৰ পৰিয়ালে?’


আনহাতে, অভিযুক্তই জামিন পোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দুৰ্ঘটনাত মৃত্যু হোৱা ‘মৰিঢল মহাবিদ্যালয়’ৰ প্ৰবক্তা পৰিমিতা দাসৰ মাতৃ আৰু ভগ্নীয়েও। মাতৃয়ে সাংবাদিকৰ সন্মুখত কয় যে, ‘মোৰ কন্যাক হত্যা কৰা হৈছে। দোষীয়ে কেনেকৈ জামিন পালে? ক’ত গ’ল চৰকাৰৰ প্ৰতিশ্ৰুতি?’
মাত্ৰ ১৫ দিনতে কেনেকৈ অভিযুক্তই জামিন পালে বুলিও প্ৰশ্ন উত্থাপন কৰিছে পৰিমিতা দাসৰ পৰিয়ালে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular