spot_img
17 C
Guwahati
17 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকমহাকাশত আছে সূৰ্যতকৈ ডাঙৰ আৰু উষ্ণ ৮ টা তৰা: পাটাছাৰকুছিৰ পৰা বিশ্ব...

মহাকাশত আছে সূৰ্যতকৈ ডাঙৰ আৰু উষ্ণ ৮ টা তৰা: পাটাছাৰকুছিৰ পৰা বিশ্ব জয়ৰ দিশে বৰ্ণালী

ডিজিটেল ডেস্ক : মহাকাশকলৈ আমাৰ সকলোৰে কৌতুহল অতুলনীয়৷ এই মহাকাশত আছে সূৰ্যতকৈ ডাঙৰ আৰু উষ্ণ ৮ টা তৰা৷ এই তৰাৰ সন্ধান দি অসমবাসীলৈ গৌৰব কঢ়িয়াইছে বজালীৰ সন্তান বৰ্ণালী দাসে৷ বৰ্ণালীয়ে তেওঁৰ অধ্যাপক পুনম চন্দ্ৰ, এনচিআৰএ আৰু দলটোৰ সৈতে তৰাকেইটাৰ আৱিষ্কাৰ কৰে ৷ বজালীৰ পাটাছাৰকূছী সৰিহ চাকলা গাঁৱত ১৯৯৩ চনৰ ২৯ নবেম্বৰত জন্মলাভ কৰা বৰ্ণালীয়ে ১৯৯৭ চনত পাটাছাৰকূছী শংকৰদেৱ শিশু নিকেতনত নিজৰ শিক্ষাজীৱন আৰাম্ভ কৰে ।

চাকলা গাঁৱৰ নিবাসী প্ৰবক্তা মুনিন্দ্ৰ নাথ দাস আৰু শিক্ষয়িত্ৰী শিৰণ কলিতা দাসৰ দ্বিতীয় কণ্যা বৰ্ণালী দাসে ২০০৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাটাছাৰকূছী শংকৰদেৱ শিশু নিকেতনৰ পৰা চতুৰ্থ স্থান দখল কৰি সুনাম কঢ়িয়াই আনিছিল । ২০১১ চনত পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হোৱা বৰ্ণালীয়ে ২০১৪ চনত দিল্লী হংষৰাজ কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷

২০১৬ চনত কানপুৰস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । ইয়াৰ পাছতেই মহাৰাষ্ট্ৰৰ পুনেস্থিত Tata Institute of Fundamental Research ত গৱেষণা কৰে বৰ্ণালীয়ে৷ এই গৰ্বেষণাত সূৰ্যতকৈ ও ডাঙৰ আৰু উষ্ণ, অতি চুম্বকীয় ক্ষেত্ৰৰ অধিকাৰী ৮ টাকৈ তৰাৰ সন্ধান উলিয়াবলৈ সক্ষম হয় বৰ্ণালী দাসে । এই খবৰ প্ৰকাশ পোৱাৰ পিছতেই বজালীৰ জন্ম ভূমিত আনন্দৰ জোৱাৰ উঠে । উল্লেখ্য যে, সম্প্ৰতি পুনেত থকা বৰ্ণালী দাসে গ্ৰহ নক্ষত্ৰৰ এই ৰহস্য ভেদৰ বাবে অহা জানুৱাৰী মাহত আমেৰিকা লৈ উৰা মাৰিব ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular