spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeৰাষ্ট্ৰীয়বাংলাদেশত ভয়ংকৰ সাম্প্ৰদায়িক সংঘাত; জ্বলাই দিলে হিন্দু লোকৰ ঘৰ-দুৱাৰ

বাংলাদেশত ভয়ংকৰ সাম্প্ৰদায়িক সংঘাত; জ্বলাই দিলে হিন্দু লোকৰ ঘৰ-দুৱাৰ

ডিজিটেল ডেস্ক : বাংলাদেশত নিৰাপত্তাহীন হৈ পৰিছে সংখ্যালঘু হিন্দুসকল। দুৰ্গা পূজাৰ সময়ত আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘাতে বাংলাদেশত এতিয়া গুৰুতৰ ৰূপ ধাৰণ কৰিছে। সংখ্যালঘু হিন্দুসকলৰ ওপৰত এতিয়া আৰম্ভ হৈছে নিৰ্বিচাৰ আক্ৰমণ। দেশখনত কমেও ৬৬টা পৰিয়ালৰ ঘৰ দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰাৰ লগতে ৩০টাৰো অধিক ঘৰত অগ্নিসংযোগ কৰিছে।

ৰাজধানী মহানগৰ ঢাকাৰ পৰা ২৫৫কিলোমিটাৰ আঁতৰৰ এখন গাঁৱত দেওবাৰে নিশাৰ ভাগত এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে সংঘৰ্ষকাৰীৰ দলে। আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ দলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে অহৰহ চেষ্টা কৰি আছে যদিও পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে।
বিভিন্ন ঠাইলৈ এই হিংসা বিয়পি পৰিছে আৰু তাৰ সংখ্যালঘু হিন্দু লোকসকল নিৰাপত্তাহীন হৈ পৰিছে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দুৰ্গা পূজাৰ সময়ত হোৱাত হিংসাত জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰাৰ হুংকাৰ দিছিল যদিও দেশখনৰ শেহতীয়া পৰিস্থিতিয়ে চৰকাৰ সক্ৰিয়তা ভূমিকাৰ কথা প্ৰতিপন্ন নকৰে। প্ৰথমে ইটোৰ পাছত সিটো মন্দিৰত আক্ৰমণৰ পাছত এতিয়া হিন্দুসকলৰ ঘৰত আক্ৰমণ সংঘটিত কৰা তথা ঘৰ জ্বলাই দিয়াৰ ঘটনাই ভাৰতক উদ্বিগ্ন কৰি তুলিছে। এই হিংসাত হতাহত লোকৰ প্ৰকৃত পৰিসংখ্যা এতিয়ালৈ জানিব পৰা হোৱা নাই। এই সম্পৰ্কীয় সকলো তথ্য আপোনালোকলৈ আমি শীঘ্ৰেই লৈ আহিম।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular