spot_img
15.6 C
Guwahati
15.6 C
Guwahati
বৃহস্পতিবাৰ, জানুৱাৰী 20, 2022
Homeআন্তঃৰাষ্ট্ৰীয়নুমলীগড় শোধনাগাৰৰ পৰা বাংলাদেশে ক্ৰয় কৰিব ৯০ হাজাৰ মেট্ৰিক টন ডিজেল; মৈত্ৰী...

নুমলীগড় শোধনাগাৰৰ পৰা বাংলাদেশে ক্ৰয় কৰিব ৯০ হাজাৰ মেট্ৰিক টন ডিজেল; মৈত্ৰী পাইপলাইনেৰে সৰবৰাহ হ’ব তেল

ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনৈতিক ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িল ভাৰত৷ নুমলীগড় তেল শোধনাগাৰৰ পৰা চুবুৰীয়া দেশ বাংলাদেশে ৯০ হাজাৰ মেট্ৰিক টন ডিজেল ক্ৰয় কৰিব৷ এই কথা সদৰী কৰে বাংলাদেশৰ বিত্তমন্ত্ৰী আহমদ মোস্তাফা কালামে৷ বাংলাদেশৰ বিত্ত মন্ত্ৰীৰ সভাপতিত্বত এখন কমিটীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে৷ চলিত বৰ্ষৰ জানুৱাৰীৰপৰা ডিচেম্বৰৰ ভিতৰত এই তেল ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰে সংশ্লিষ্ট কমিটীখনে৷ ভাৰতীয় হিচাপত এই তেলৰ মূল্য হ’ব ৪৯,০৯২.০০ টকা৷

ইয়াৰ বিপৰীতে বাংলাদেশে ব্যয় কৰিব প্ৰতি টন তেলত ৫৬,৯৪২ টকা৷ অসমৰ পৰা ক্ৰয় কৰা এই তেল বাংলাদেশে ঘাইকৈ উত্তৰ অংশৰ জিলাসমূহত ব্যৱহাৰ কৰিব৷ বাংলাদেশলৈ ৰপ্তানী কৰিব লগা এই তেলৰ প্ৰকল্পৰ বাবেই ইতিমধ্যে ১৩১ কিলোমিটাৰ দৈৰ্ঘ্যৰ মৈত্ৰী পাইপলাইন নিৰ্মাণ কৰিছে৷ ২০১৮ বৰ্ষতে পাইপলাইন নিৰ্মাণৰ কাম মুকলি কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰদানমন্ত্ৰী শ্বেখ হাছিনাই৷

প্ৰকল্পৰ কাম এই বৰ্ষৰ জুনৰ ভিতৰতে সম্পূৰ্ণ হ’ব৷ পাইপলাইন নিৰ্মাণৰ পাছতে প্ৰাথমিকভাৱে ২.৫ লাখ মেট্ৰিক টন তেল সৰবৰাহ কৰিব আৰু পৰৱৰ্তী সময়ত ২.৫ লাখ মেট্ৰিক টনলৈ সৰবৰাহ বৃদ্ধি কৰা হ’ব৷ উল্লেখ্য যে, বাংলাদেশে নুমলীগড় শোধনাগাৰৰ পৰা মাহত ১২ হেজাৰ লিটাৰ ডিজেল আমদানি কৰিছে৷ এই তেল চট্টগ্ৰাম বন্দৰসহ আন কেইবাখনো নদী আৰু স্থলপথেৰে তেল সৰবৰাহ কৰিছে৷

এই বছৰত পাইপলাইনৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে নুমলীগড় শোধনাগাৰৰ পৰা বাংলাদেশৰ দিনাজপৰু জিলাৰ পাৰ্বতীপুৰ ডিপোসহ বিভিন্ন ডিপোলৈ তেল সৰবৰাহ কৰা হ’ব৷ ভাৰত-বাংলাদেশৰ এই চুক্তিয়ে দুয়োখন দেশৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব বুলি আশা কৰা হৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular