spot_img
16 C
Guwahati
16 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকটেটু চেঁপি হত্যা ভাষা জননীক! এইবাৰ বাংলা ভাষাত আঁৰিলে চৰকাৰী ফলক

টেটু চেঁপি হত্যা ভাষা জননীক! এইবাৰ বাংলা ভাষাত আঁৰিলে চৰকাৰী ফলক

ডিজিটেল ডেস্ক : অসমতে এলাগী হ’ল অসমীয়া ভাষা। বাংলাভাষী একাংশ প্ৰতিক্ৰিয়াশীল লোকৰ হেঁচাত সেও মানিবলৈ বাধ্য হ’ল চৰকাৰ। অসাৰ হ’ল দল সংগঠনৰ প্ৰতিবাদ, প্ৰতিক্ৰিয়া। শিলচৰত অসমীয়া ভাষাৰ চৰকাৰী প্ৰচাৰ ফলকত একাংশ বঙালী সংগঠনে ক’লা ৰং সনাৰ পাছতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। ৰুজু কৰা হৈছিল গোচৰো। দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল। কিন্তু এই সকলো এতিয়া অসাৰ প্ৰতিপন্ন হ’ল। বাংলা লবীৰ ওচৰত সেও মানি এইবাৰ অসমীয়া ভাষাকে আঁতৰাই দিয়া হ’ল চৰকাৰী প্ৰচাৰ ফলকৰ পৰা।


অসমীয়া ভাষাত লিখা চৰকাৰী ফলক আঁতৰাই এইবাৰ শিলচৰৰ চৰকাৰী কাৰ্যালয়ত ওলমিল বাংলা ভাষাৰ ফলক। ‘জলজীৱন মিছন’ৰ পোষ্টাৰ এইহবাৰ আঁৰিলে বাংলা ভাষাত। মন কৰিবলগীয়া যে, এই জলজীৱন মিছনৰ ফলকতে ক’লা ৰং সানি ৰাজ্যজুৰি প্ৰৱল বিতৰ্কৰ সৃষ্টি কৰিছিল এই বাংলা লবীটোৱে। প্ৰদীপ দত্ত ৰয় নামৰ এজন লোকক এই ঘটনাৰ বাবে জগৰীয়া কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল বিভিন্ন দল সংগঠনে। ৰাজু দেৱ, সমৰ দেৱ নামৰ দুজন লোক গ্ৰেপ্তাৰ হৈছিল যদিও নিমিষতে জামিনো পাবলৈ সক্ষম হৈছিল এই দুজন অভিযুক্তই। কিন্তু এতিয়া অসমীয়া ভাষাকে টেটুচেঁপি হত্যা কৰা হ’ল বৰাক। নিষ্ফল বুলি প্ৰতিপন্ন দল-সংগঠনৰ গৰ্জন।


মন কৰিবলগীয়া যে, এই ঘটনা সংঘটিত হোৱাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছিল। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এখোপ ওপৰলৈ গৈ নিজেই ব্যৱস্থা লোৱাৰো হুংকাৰ দিছিল। কিন্তু এতিয়া সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল। এইবাৰ অসমীয়া ভাষাৰ ওপৰত ক’লা ৰং সনা নহয় যেন টেটু চেঁপি ভাষাটোকে হত্যা কৰা হ’ল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular