spot_img
33 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeআঞ্চলিকবৰাকৰ একমাত্ৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খন কোনে বন্ধ কৰিব বিচাৰিছে?

বৰাকৰ একমাত্ৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খন কোনে বন্ধ কৰিব বিচাৰিছে?

শিলচৰ : ‘চিৰ চেনেহী মোৰ ভাষা জননী’- অসমীয়া ভাষা-সাহিত্য জাতিটোৰ পৰিচয়ৰ মূল আধাৰ৷ ভাষা ৰক্ষাৰ স্বাৰ্থত প্ৰাণ বলিদান দিয়া বহু শ্বহীদৰ তেজেৰে ৰঞ্জিত কৰিছে অসমৰ ইতিহাস৷ চহকী অসমৰ ভাষাটোৰ আছে স্বকীয় এক পৰিচয়৷ জাতি, মাটি, ভাষা ৰক্ষাৰ স্বাৰ্থত ৰাজ্যত এতিয়াও অব্যাহত আছে আন্দোলন৷ এই সংকটৰ সময়তে অসমীয়া ভাষাৰ ওপৰত আহি পৰিছে আন এক প্ৰত্যাহ্বান৷ বাংলা ভাষাপ্ৰধান বৰাক উপত্যাকাত থকা অসমীয়া বিদ্যালয় বিলুপ্তিকৰণৰ প্ৰক্ৰিয়াই এতিয়া অসমতে অসমীয়া ভাষাৰ অস্তিত্বৰ সংকট সৃষ্টিৰ উপক্ৰম ঘটাইছে৷ বাংলা মাধ্যমৰ বিদ্যালয়ৰ লগত এই অসমীয়া বিদ্যালয়খন একত্ৰীকৰণ কৰাৰ চেষ্টাই চৌদিশে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ৷


দেশভক্ত তৰুণৰাম ফুকন অসমীয়া মধ্য ইংৰাজী বিদ্যালয়খন বৰাক উপত্যকাৰ একমাত্ৰ অসমীয়া চৰকাৰী বিদ্যালয়। ১৯৫৩ চনত অসম সাহিত্য সভাৰ স্বনামধন্য ব্যক্তিসকলৰ প্ৰচেষ্টাত আৰু বৰাকৰ অসমীয়া গাঁওৰ কিছু ব্যক্তিৰ পৰিশ্ৰমত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল শিলচৰ চহৰৰ মাজ মজিয়াত। সভাৰ কাৰ্যবিৱৰণীত লিপিবদ্ধ থকা তথ্য অনুসৰি প্ৰথম অৱস্থাত অসম সাহিত্য সভাৰ অনুদানেৰে এই বিদ্যালয় পৰিচালিত হৈছিল। শিলচৰৰ অসমীয়া চৰকাৰী বিষয়ববীয়াৰ সন্তানৰ লগতে অসমীয়া গাঁৱৰ পৰা ল’ৰা-ছোৱালী আহি ইয়াত শিক্ষা লাভ কৰিছিল। ১৯৬৩ চনত বিদ্যালয়খন চৰকাৰীকৰণ কৰা হয়।

Deshbhakta Tarun Ram Phukan ME school


এই বিষয়টোৰ সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি কুল শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘অসমীয়া ভাষা-সাহিত্যৰ কোনো ধৰণৰ ক্ষতি কৰাটো অসম সাহিত্য সভাই কোনোপধ্যেই মানি নলয়৷’ তদুপৰি অসমীয়া ভাষা সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰে জোৰ দিব লাগিব বুলিও তেওঁ দাবী উত্থাপন কৰে৷
শিলচৰ জিলা সাহিত্য সভাৰ তৰফৰ পৰা এখন পত্ৰযোগে এই সমগ্ৰ বিষয়টো অসম সাহিত্য সভাক অৱগত কৰাৰ কথা তেওঁ প্ৰকাশ কৰে৷ ইয়াৰ পাছতে সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু আঞ্চলিক সমিতিয়ে চৰকাৰ তথা বিভাগৰ সৈতে আলোচনাত মিলিত আৰু এই সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰি পত্ৰ প্ৰেৰণ কৰে৷ সাহিত্য সভাৰ সৈতে হোৱা আলোচনাৰ পাছতে শিলচৰত থকা তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ সৈতে এই মধ্য ইংৰাজী অসমীয়া বিদ্যালয়খন সংলগ্ন কৰাৰ কথাও জিলা শিক্ষা বিষয়াই চিন্তা-চৰ্চা কৰিছে বুলি জানিবলৈ দিছে৷
বৰ্তমান ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বাবে ইয়াত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাই অহাৰ সুবিধা লৈ বিদ্যালয়খন বাংলা মাধ্যমৰ বিদ্যালয়ৰ লগত সংলগ্ন কৰাৰ চেষ্টা চলাইছে।

Kula Saikia : President of Assam Sahitya Sabha

ইতিমধ্যে, এই বিষয়টোক লৈ অসম সাহিত্য সভা শিলচৰ শাখাৰ পৰা শিক্ষা বিভাগলৈ আবেদনৰ জৰিয়তে উল্লেখ কৰিছিল, ‘বিদ্যালয়খন যদি একত্ৰিকৰণ কৰিবই লাগে তেনেহ’লে ওচৰতে থকা একে নামৰ অসমীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰিকৰণ কৰা হওক আৰু মাটি সম্পত্তি অসম সাহিত্য সভা শিলচৰ শাখালৈ হস্তান্তৰ কৰা হওক। যাতে অসমীয়া গাঁৱৰ দুখীয়া ল’ৰা-ছোৱালীৰ বাবে এটি ছাত্ৰ আৰু ছাত্ৰী নিবাস খুলিব পৰা যায়।’ অসম সাহিত্য সভাই প্ৰায় ১,২০০ টকা নগদ ধন দি ১৯৫৩ চনতে কেন্দ্ৰীয় চৰকাৰৰ পৰা মাটিখিনি ক্ৰয় কৰি বিদ্যালয়খনক মাটি দান কৰিছিল।

Deshbhakta Tarun Ram Phukan ME school


শিলচৰৰ ‌একমাত্ৰ‌ অসমীয়া বিদ্যালয়খন বাংলা‌ মাধ্যমৰ লগত একত্ৰীকৰণ কৰা চৰকাৰী সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনালে বৰাক ডেমক্ৰেটিক ফ্ৰন্টে। ফ্ৰন্টৰ ‌মুখ্য আহ্বায়ক‌‌ প্ৰদীপ দত্তৰয়ে এই সন্দৰ্ভত কয় যে, ‘কাছাৰত এইখন একমাত্ৰ অসমীয়া বিদ্যালয়। এইখনো বাংলা মাধ্যমৰ লগত মিলাই দিলে ইয়াৰ অসমীয়া ছাত্ৰ-ছাত্ৰী অধ্যয়নেৰ বাবে অসুবিধা হ’ব।’ লগতে সকলোৰে নিজৰ মাতৃভাষাত অধ্যয়ন কৰাৰ অধিকাৰ আছে বুলি মন্তব্য কৰে দত্তৰয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
33 ° C
33 °
33 °
58 %
1.5kmh
40 %
Thu
31 °
Fri
33 °
Sat
33 °
Sun
33 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular