spot_img
16 C
Guwahati
16 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকআকৌ দ্বিখণ্ডিত হ’ব অসম! এইবাৰ বৰাকক পৃথক কৰাৰ দাবী সাহিত্য সভাৰ প্ৰাক্তন...

আকৌ দ্বিখণ্ডিত হ’ব অসম! এইবাৰ বৰাকক পৃথক কৰাৰ দাবী সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ

ডিব্ৰুগড় : অসমতে অসমীয়া ভাষাক কৰা অপমানৰ পাছতে সৰৱ হৈ পৰিছে দল-সংগঠনকে ধৰি বিভিন্ন ভাষাপ্ৰেমী লোক৷ দুটা বঙালী সংগঠনে অসমীয়া ভাষাৰ চৰকাৰী বেনাৰৰ ওপৰত ক’লা ৰং সানি দিয়াক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল ৰাজ্যজুৰি৷ এই কাণ্ডত জড়িত কেইবাজনো লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানেও মাৰ যোৱা নাই প্ৰতিক্ৰিয়াৰ৷ বৰাকক পৃথক ৰাজ্য হিচাপে স্বীকৃতি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৰাজ্য এগৰাকী প্ৰসিদ্ধ বুদ্ধিজীৱি, সাহিত্যিক লগতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াই।


ভাষাকেন্দ্ৰিক বিষয় লৈ বৰাকৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত উদ্বিগ্নতা প্ৰকাশ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ৰাজ্যত এক কুটিল চক্ৰই দীৰ্ঘদিনৰ পৰা অসমীয়া আৰু বাঙালী মাজত সংঘাতৰ পৰিৱেশ সৃষ্টি কৰি আহিছে। ১৯৮৫ চনৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা বঙালী আৰু অসমীয়া মাজত এতিয়ালৈকে কোনোধৰণৰ সংঘাত সৃষ্টি হোৱা নাই। কিন্তু বৰাকত অসমীয়া ভাষাক লৈ সময়ে সময়ে এক অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি আহিছে দুষ্ট চক্ৰই। যিটো গ্ৰহণযোগ্য নহয়। বা আমি মানি লব নোৱাৰোঁ। অসমীয়া ভাষাত বহু বাঙালী সাহিত্যিক আছে, যিসকলে অসমীয়া ভাষা সাহিত্যতেই বহু যুগমীয়া গীত-মাত ৰচনা কৰি অসমীয়া ভাষা-সাহিত্য চহকী কৰি তুলিছে।


তেওঁ লগতে কয় যে, কেৱল এয়াই নহয় পুলক বেনাৰ্জী দৰে স্বনামধন্য শিল্পী অসম মূলুকতে আছে। এনে আৰু অনেক উদাহৰণ আছে। বিশিষ্ট সাহিত্যিকগৰাকীয়ে বৰাকৰ ভাষাকেন্দ্ৰিক ঘটনাক লৈ চৰকাৰৰ একাংশ বিষয়া, আমোলাও জড়িতৰ আছে বুলি অভিযোগ তোলে। তেওঁ কয়, ১৯৬৪ চনত মই বৰাকৰ বিভিন্ন ঠাইলৈ গৈছিলোঁ। সেই সময়ত বাঙালী মহিলাই তাঁতশাল বৈছিল। কিন্তু, আজি সেই পৰিৱেশ আছেনে নাই মই নাজানো। কিন্তু, এতিয়াও বৰাকত অসমীয়া ভাষা-সংস্কৃতিক ভালপোৱা মানুহ আছে বুলি উল্লেখ কৰে সাহিত্যিকগৰাকীয়ে। গতিকে, শেহতীয়া বৰাকৰ পৰিৱেশক লৈ সাহিত্যিকগৰাকী সন্তষ্ট নহয় বুলি উল্লেখ কৰি যদি প্ৰয়োজন হয় বৰাকক এখন পৃথক ৰাজ্য হিচাপে গঢ় দিবলৈ চৰকাৰে প্ৰদক্ষেপ গ্ৰহণ কৰিবৰ লাগে বুলি বিশিষ্ট সাহিত্যিকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular