spot_img
13 C
Guwahati
13 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeআঞ্চলিকপুনৰ ক’ভিডৰ কৰাল গ্ৰাসত বৰপেটা জিলা, উদ্বেগজনক হাৰত বৃদ্ধি আক্ৰান্তৰ সংখ্যা

পুনৰ ক’ভিডৰ কৰাল গ্ৰাসত বৰপেটা জিলা, উদ্বেগজনক হাৰত বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ডিজিটেল ডেস্ক : বৰপেটা জিলাত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক’ভিডৰ দ্বাৰা আক্ৰান্তৰ লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত জিলাখনত ক’ভিডত আক্ৰান্ত সংখ্যা হয়গৈ ৪৭গৰাকী লোক৷ ক’ভিডৰ সংক্ৰমণ অধিক বৃদ্ধিৰ আশংকাত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে জিলা প্ৰশাসনে৷

বিগত দুবছৰ ধৰি সমগ্ৰ দেশৰ লগতে ৰাজ্যখনে যুঁজি আহিছে ক’ভিডৰে। পুনৰ ক’ভিডৰ তৃতীয় ঢৌ অ’মিক্ৰনৰ গ্ৰাসত পৰিছে দেশৰ লগতে সমগ্ৰ অসম। অসমতো ইতিপূৰ্বে বন্ধ কৰি দিবলগীয়া হৈছে স্কুলৰ একাংশ শ্ৰেণীকোঠা। ক’ভিডৰ তৃতীয় ঢৌৱে যাতে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে নতুন এছ অ’ পি প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। জিলায়ে জিলায়ে সাজু কৰি তোলা হৈছে চৰকাৰী চিকিৎসালয়সমূহ।

ইপিনে, বৰপেটা জিলাখনত ক’ভিড বিধি সম্পৰ্কীয় নতুন নিৰ্দেশনা জাৰি কৰে উপায়ুক্তগৰাকীয়ে৷ নতুন নিৰ্দেশনা অনুসৰি ইতিপূৰ্বে প্ৰদান কৰা গ্ৰন্থমেলা, বাণিজ্য মেলা, আনন্দ মেলা, পূজা, সভা আদিৰ অনুমতি বাতিল কৰিছে জিলা প্ৰশাসনে৷ তাৰ মাজতে পদূলিমুখত অসমীয়া হেঁপাহৰ ভোগৰ উৎসৱ ভোগালী বিহুটি। সকলোৱে সজাগ-সতৰ্ক হৈ ক’ভিডৰ নীতি-নিৰ্দেশনাৰ মাজেৰে উদযাপন কৰাৰ আহ্বান সকলোকে।

পূৰ্বৰ অনুমতিৰ ভিত্তিত ১১ জানুৱাৰীৰ পাছত অনুষ্ঠিত কৰিব নোৱাৰিব গ্ৰন্থমেলা, বাণিজ্য মেলা, পূজা, সভা ইত্যাদি৷ ১১ জানুৱাৰীৰ পাছত সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা নতুনকৈ ল’ব লাগিব অনুমতি৷

ইপিনে ক’ভিডৰ তৃতীয় ঢৌৰে যুঁজিবলৈ সমগ্ৰ অসমৰ লগতে সম্পূৰ্ণৰূপে সাজু হৈছে বৰপেটা জিলা প্ৰশাসন। চৰকাৰী চিকিৎসালয়সমূহ সাজু কৰি তোলা বুলি জানিবলৈ দিয়ে উপায়ুক্ত তেজ প্ৰসাদ ভূচালে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular