spot_img
27 C
Guwahati
27 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআঞ্চলিকঅপৰাধৰ ৰম্যভূমিত পৰিণত বৰপেটা! ভূমি বিবাদক কেন্দ্ৰ কৰি পুনৰ হত্যাকাণ্ড

অপৰাধৰ ৰম্যভূমিত পৰিণত বৰপেটা! ভূমি বিবাদক কেন্দ্ৰ কৰি পুনৰ হত্যাকাণ্ড

ডিজিটেল ডেস্ক : অপৰাধজনিত ঘটনাৰ ৰম্যভূমি হৈছে বৰপেটা জিলা৷ আকৌ জিলাখনত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড৷ ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো৷ এটা পক্ষৰ আক্ৰমণত আনটো পক্ষৰ দুজনকৈ লোক নিহত হয়৷ নিহত লোককেইজন হৈছে চুৰমান আলী (৪৫) আৰু আব্দুল জলিল (৩৫)৷ ঘটনাৰ স্থান হৈছে বৰপেটা জিলাৰ গৰৈমাৰী গাঁৱত৷

জানিব পৰা মতে, শনিবাৰে পুৱা প্ৰায় ৮:৩০ বজাত চুৰমান আলীৰ ঘৰত সংঘটিত হয় হত্যাকাণ্ডটো৷ সমীপৱৰ্তী চৰকপাৰা গাঁৱৰ পৰা অহা এটি ৪০ জনীয়া দুৰ্বৃত্তৰ দলে গৰৈমাৰী গাঁৱৰ চুৰমান আলীৰ ঘৰত আহি আক্ৰমণ চলায়৷ দা, জোং, লাঠী আদিৰে চলোৱা দলবদ্ধ আক্ৰমণত চুৰমান আলী আৰু আব্দুল জলিলে থিতাতে প্ৰাণ হেৰুৱায়৷ হত্যাকাণ্ডক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ৷

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত৷ জানিব পৰা মতে, চৰকপাৰা গাঁৱৰ এটি পৰিয়ালৰ সৈতে গৰৈমাৰী গাঁৱৰ চুৰমান আলীৰ দীৰ্ঘদিন ধৰি ভূমি বিবাদ চলি আছিল৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular