spot_img
23 C
Guwahati
23 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeক্ৰীড়াদ্ৰাবিড়ৰ আঙুলিত ধৰিয়েই বৈতৰণী পাৰ কৰিব ভাৰতে, জন্ম‌দিনৰ শুভেচ্ছা অগণন অনুৰাগীৰ

দ্ৰাবিড়ৰ আঙুলিত ধৰিয়েই বৈতৰণী পাৰ কৰিব ভাৰতে, জন্ম‌দিনৰ শুভেচ্ছা অগণন অনুৰাগীৰ

নতুন দিল্লীঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ আজি জন্মদিন। জীৱনৰ আৰু এটা বসন্তত ভৰি দিলে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। ৪৯ সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাত্‍ বিচিচিআই-এ ৰাহুল দ্ৰাবিড়ক শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতৰ হৈ ১৬৪ খন টেষ্ট, ৩৪৪ খন এদিনীয়া আৰু এখন টি-২০ খেলা দ্ৰাবিড়ক ক্ৰিকেট জগতৰ অগণন সতীৰ্থ-অনুৰাগীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। শচীন তেণ্ডুলকাৰেও এখন থ্ৰ’বেক ফটো শ্বেয়াৰ কৰি জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে দ্ৰাবিড়ক। ভাৰতৰ প্ৰাক্তন অপেনাৰ ৱাছিম জাফৰেও এক টুইটযোগে জনাইছে শুভেচ্ছা। তেওঁ লিখিছে, ‘কেপ্টেইন, অপেনাৰ, নম্বৰ ৩, উইকেট কীপাৰ, আইচিচি ইভেণ্ট বিজয়ী প্ৰশিক্ষক, এনচিএৰ প্ৰাক্তন মুৰব্বী আৰু বৰ্তমান ভাৰতৰ প্ৰশিক্ষক। কিন্তু সৰ্বোপৰি এগৰাকী মহান ব্যক্তি।

সকলোতে পাৰদৰ্শী দ্ৰাবিড়লৈ জন্মদিনৰ শুভেচ্ছা।’ ইয়াৰোপৰি, শিখৰ ধাৱান,কুলদ্বীপ যাদৱৰ পৰা আদি কৰি অসংখ্যজনে বোৱাই দিছে শুভেচ্ছাৰ বন্যা। উল্লেখ্য যে, এদিনীয়াত ভাৰতৰ হৈ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন হিচাপেও কৃতিত্ব অৰ্জন কৰিছে দ্ৰাবিড়ে। শচীন তেণ্ডুলকাৰ,বিৰাট কোহলী আৰু সৌৰভ গাংগুলীৰ পাছতে ৩৪০ খন এদিনীয়াত ১০,৭৬৮ ৰান সংগ্ৰহ কৰা দ্ৰাবিড় একমাত্ৰ ভাৰতীয় বেটছমেন। ক্ৰিকেটাৰ হিচাপে দ্ৰাবিড় যিমান জনপ্ৰিয় তাতোকৈ অধিক আকৰ্ষণীয় গুণটো হৈছে তেওঁৰ ব্যক্তিত্ব। ক্ৰিকেট যদি এজন ভদ্ৰলোকৰ খেল বুলি ধৰা হয় তেতিয়া ৰাহুল দ্ৰাবিড় সেই ক্ৰিকেটাৰ সকলৰ ভিতৰত অন্যতম ভদ্ৰলোক। শীতল মগজু, ধীৰ-স্থিৰ মানসিকতা, কোম্পানী এটাৰ বিজ্ঞাপনৰ বাহিৰে কেতিয়াও খং কৰা দেখা বা শুনা মনত নপৰা ব্যক্তিগৰাকীয়েই হৈছে ৰাহুল দ্ৰাবিড়।

‘এংগ্ৰী ইয়ং মেন’ খ্যাত ৰবি শাস্ত্ৰীৰ পাছত ভাৰতীয় ক্ৰিকেটৰ ভাৰ এতিয়া এনে এজন ব্যক্তিৰ হাতত অৰ্পন কৰা হৈছে যিয়ে সকলো বাধা,সকলো দোষ বিনাদ্বিধাই গা পাতি লোৱাৰ সাহ কৰিব পাৰে। সেইগৰাকী ৰাহুল দ্ৰাবিড়ক এবাৰ ওচৰৰ পৰা চাবলৈকে অনুৰাগীৰ মাজত যে অন্তহীন কৌতুহল। ব্ৰেট লী, ছোৱেইব আখটাৰ, জিমি এণ্ডাৰছন, শ্বন পোলকৰ দৰে বিশ্বৰ আগশাৰীৰ ক্ৰিকেটাৰৰ বেগী বলৰ কঠোৰভাৱে উত্তৰ দিছিল দ্ৰাবিড়ে । দ্ৰাবিড়ৰ বেটিং কৌশলো সমগ্ৰ বিশ্ববাসীৰ বাবে ঈৰ্ষণীয়। সেইবাবে হয়তো দ্ৰাবিড় প্ৰথমশাৰীৰ ক্ৰিকেটাৰ সকলৰ ভিতৰত অন্যতম এগৰাকী যিয়ে দেশবাসীৰ হৃদয়ৰ মণিকূটত নিগাজী স্থান দখল কৰিবলৈ সক্ষম হৈছে । সেইবাবে দ্ৰাবিড় একক,অনন্য আৰু অদ্বিতীয়। দ্ৰাবিড়ৰ নেতৃত্বতেই ভাৰতীয় ক্ৰিকেটে এক নতুন দিগন্তৰ সূচনা কৰাৰ স্বপ্ন দেখিছে দেশবাসীয়ে। তেওঁৰ জন্মদিনৰ দিনাখনো অগণন অনুৰাগীয়ে নেদেখা জনৰ বেদীত জনাইছে প্ৰাৰ্থনা। দ্ৰাবিড়ৰ আঙুলিত ধৰিয়েই ভাৰতে পাৰ কৰক বাধাৰ বৈতৰণী, স্পৰ্শ কৰক সফলতাৰ উচ্চতম চূড়া।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular