spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeক্ৰীড়াকোহলীৰ বিদায় নিশ্চিত; খঙে-দুখে কম্পমান বিচিচিআই-এ নতুন কান্ধত দিব দলৰ ভাৰ!

কোহলীৰ বিদায় নিশ্চিত; খঙে-দুখে কম্পমান বিচিচিআই-এ নতুন কান্ধত দিব দলৰ ভাৰ!

ডিজিটেল ডেস্ক : ইটোৰ-পাছত সিটো শৃংখলাত ব্যৰ্থতা। ইটোৰ পাছত সিটো পৰাজয়। বিশ্বকাপত অভাৱনীয় শোচনীয় প্ৰদৰ্শন। যেন সৰ্বকালৰ আটাইতকৈ দুৰ্বল আৰু শৃংখলাহীন দল এটাতহে পৰিণত হৈছে ভাৰতীয় ক্ৰিকেট দল। স্বাভাৱিকতে প্ৰশ্ন উঠিছে বিৰাট কোহলীৰ নেতৃত্বৰ সক্ষমতাৰ ওপৰত। বিশ্বকাপৰ পাছতে দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী বাহিনীয়ে বিদায় মগাটো নিশ্চিত হোৱাৰ পাছত এইবাৰ বিদায় ল’ব লাগিব বিৰাট কোহলীয়েও।

বিৰাট পৰ্বৰ অন্ত পেলাবলৈ এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল বৰ্ডে। বিৰাট কোহলীয়ে নিজেই বিশ্বকাপৰ পাছতে টি-২০দলৰ অধিনায়কৰ পদ এৰিব বুলি ঘোষণা কৰিছে। কিন্তু এদিনীয়া দলৰ অধিনায়ক পদৰ পৰাও তেওঁক অপসাৰণ কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। টি-২০ বিশ্বকাপত ভাৰতীয় দলক খিতাপৰ দাবীদাৰ বুলি গণ্য কৰা হৈছিল যদিও এতিয়া প্ৰথম ৰাউণ্ডৰ পৰাই দলে বিদায় ল’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। এনে পৰিপ্ৰেক্ষিতত বিৰাটক লৈ বিচিচিআই হতাশ হৈ পৰিছে। তেওঁক অধিনায়ক পদত ৰখা উচিত নে নাই তাক লৈ এতিয়া তুমুল চৰ্চা তথা বিতৰ্ক চলা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে, ‘দলৰ প্ৰদৰ্শন লৈ বৰ্ড অতি হতাশ আৰু বিতুষ্ট। গতিকে বিৰাট কোহলীক এদিনীয়া দলৰ অধিনায়ক পদত ৰখাৰো সম্ভাৱনা অতি ক্ষীণ। তেওঁৰ সলনি ৰোহিত শৰ্মাৰ কান্ধতে টি-২০ আৰু এদিনীয়া দলৰ অধিনায়কৰ ভাৰ অৰ্পন কৰাৰ সম্ভাৱনা আছে। অৱশ্যে টেষ্টত কোহলীকে অধিনায়ক কৰি ৰাখিব পাৰে। কিন্তু যদিহে বিশ্বকাপৰ অৱশিষ্ট মেচকেইখনত বিজয় সাব্যস্ত কৰাৰ লগতে ভাৰতীয় দলে কিছুদূৰ আগুৱাব পাৰে তেন্তে বিচিচিআইৰ সিদ্ধান্ত সলনি হ’বও পাৰে। ৰাহুল দ্ৰাবিড়ৰ দিগ নিৰ্দেশনাত নতুন যাত্ৰা আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত কোহলীৰ চকী যোৱাটো এতিয়া প্ৰায় নিশ্চিতই বুলি দাবী কৰিছে একাংশ সংবাদ মাধ্যমে।


মন কৰিবলগীয়া যে, মহেন্দ্ৰ সিং ধোনীৰ বিদায়ৰ পাছত ভাৰতীয় দলে কোনো গুৰুত্বপূৰ্ণ ছিৰিজত জয়ী হ’বলৈ সক্ষম হোৱা নাই। ২০১৩চনত ভাৰতে শেষবাৰৰ বাবে ইংলেণ্ড আৰু ৱেলছত আয়োজিত চেম্পয়নছ ট্ৰফীত জয়ী হৈছিল। তেতিয়া অধিনায়ক আছিল মহেন্দ্ৰ সিং ধোনী। তাৰ পাছত কোনো আইচিচি টুৰ্নামেণ্টত জয়ী হোৱা নাই ভাৰত। এনে ব্যৰ্থতাৰ ইতিহাসে এতিয়া বিৰাট কোহলীৰ নেতৃত্ব দিয়াৰ দক্ষতাৰ ওপৰতে প্ৰশ্ন চিহ্নৰ সৃষ্টি কৰিছে আৰু ভাৰতীয় দলৰ দায়িত্ব নতুন কান্ধত অৰ্পন কৰিবলৈ বিচিচিআই সাজু হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular