spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeক্ৰীড়াগাহৰি,গো-মাংসক লৈ তুমুল বিতৰ্ক, উত্তাল ভাৰতীয় ক্ৰিকেট ব'ৰ্ড

গাহৰি,গো-মাংসক লৈ তুমুল বিতৰ্ক, উত্তাল ভাৰতীয় ক্ৰিকেট ব’ৰ্ড

নতুন দিল্লীঃ কানপুৰত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ আৰম্ভণিৰ প্ৰাকমুহূৰ্ততে চৰ্চা লাভ কৰিছে মাংস বিতৰ্কই। কানপুৰত প্ৰথম টেষ্টৰ ৪৮ ঘণ্টা পূৰ্বে আৰম্ভ হৈছে তুমুল বিতৰ্কৰ। টেষ্ট মেচৰ সময়ত ক্ৰিকেটাৰসকলৰ আহাৰত কেৱল হালাল কৰা মাংস ৰখা হৈছে বুলি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে। গো-মাংস বা গাহৰিৰ মাংসক খাদ্য তালিকাত ৰখা হোৱা নাই বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। শেহতীয়াকৈ এই ঘটনাটোৱে সকলোকে স্তম্ভিত কৰি তুলিছে। স্মৰ্তব্য যে, ভাৰতীয় ড্ৰেছিং ৰূমত খাদ্যক কেন্দ্ৰ কৰি কোনো ধৰণৰ বিতৰ্কৰ সূত্ৰপাত ইয়াৰ পূৰ্বে হোৱা নাছিল। অৱশ্যে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাত্‍ বিচিচিআই-এ এই বিতৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে। বিচিচিআইৰ কোষাধ্যক্ষ অৰুণ ধুমলে সদৰী কৰে যে, ‘এজন ক্ৰিকেটাৰে কি খাব সেই বিষয়ে ব’ৰ্ডে কোনো নিৰ্দেশনা দিয়া হোৱা নাই।’ অৰুণে সংবাদ মাধ্যমৰ আগত কয়, ‘ক্ৰিকেটাৰসকলৰ খাদ্য প্ৰসংগত বিচিচিআই-এ কোনোধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাই।

এই সিদ্ধান্ত কেতিয়া লোৱা হৈছিল বা লোৱা হৈছে নে নাই সেইবিষয়ে মই অৱগত নহয়। আমি নিৰ্দিষ্টকৈ কোনো খাদ্যৰ তালিকা প্ৰকাশ কৰা নাই। প্ৰতিজন ক্ৰিকেটাৰে স্বেচ্ছাই খাদ্য গ্ৰহণ কৰিব পাৰিব। বিচিচিআইৰ তাত কোনোধৰণৰ হস্তক্ষেপ নাই।’ কোনো ক্ৰিকেটাৰে ব্যক্তিগত কাৰণত হালাল কৰা মাংস খাব বিচাৰিব পাৰে বুলিও অৰুণে সদৰী কৰিছে। তেওঁ কয়, ‘ক্ৰিকেটাৰে বিচাৰিলে হালাল কৰা মাংস খাব পাৰে। উদাহৰণ স্বৰূপে, কেতিয়াবা যেতিয়া বিদেশী দল আহে, এজন ক্ৰিকেটাৰে তেওঁৰ খাদ্য আন সতীৰ্থৰ সৈতে মিহলি নকৰিবলৈ কয়। তেওঁ তেনেকৈয়ে ভাল পায়। সেইটো তেওঁৰ ধৰ্ম। তেনেদৰে বিচিচিআইৰ নখদৰ্পনত হালাল কৰা মাংস প্ৰসংগত কোনো ধৰণৰ বিতৰ্কৰ আজিলৈকে সৃষ্টি হোৱা নাই।’ ঘৰুৱা শৃংখলা হওক বা বিদেশ ভ্ৰমণেই হওক, ব’ৰ্ডে ক্ৰিকেটাৰসকলক তেওঁলোকৰ ইচ্ছা অনুসৰি আহাৰ গ্ৰহণৰ স্বাধীনতা দিছে। ক্ৰিকেটাৰসকলে নিৰামিষ আহাৰ খাব নে আমিষ আহাৰ গ্ৰহণ কৰিব সেয়া তেওঁলোকৰ সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত বুলিও মতপোষণ কৰিছে ব’ৰ্ডৰ কোষাধক্ষ্যই। এনে ধৰণৰ বিতৰ্কক লৈ চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে ব’ৰ্ডৰ বিষয়ববীয়াই। মাংসক লৈ সৃষ্টি হোৱা ঘটনাটোৱে সৰ্বত্ৰে তীব্ৰ উত্তেজনাৰো সৃষ্টি কৰা দেখা গৈছে। সৰ্বোপৰি, এই নিৰ্দেশ ভাৰতীয় দলটোৱে কেনেদৰে লাভ কৰিলে তাৰ স্পষ্ট ধাৰণা এতিয়াও লাভ কৰিব পৰা হোৱা নাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular