spot_img
11 C
Guwahati
11 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকসাৱধান! শিক্ষাৰ্থীৰ জীৱনত অ’মিক্ৰনে লগাব নেকি আউল?

সাৱধান! শিক্ষাৰ্থীৰ জীৱনত অ’মিক্ৰনে লগাব নেকি আউল?

ডিজিটেল ডেস্ক: কৰ’নাৰ নতুন প্ৰকৰণ অ’মিক্ৰনে সমগ্ৰ বিশ্বতে আকৌ হাহাকাৰ সৃষ্টি কৰিছে। একপ্ৰকাৰ বিশ্বৰ সকলো লোক আতংকিত হৈ পৰিছে কৰ’নাৰ তৃতীয় ঢৌ অ’মিক্ৰনক লৈ। উল্লেখ্য যে জানুৱাৰী মাহটোত ক’ভিডৰ তৃতীয় ঢৌ অ’মিক্ৰন শীৰ্ষত থকাৰ লগতে শিক্ষাৰ্থীৰ জীৱনত পুনৰ আউল লগোৱাৰ শংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে।

আনহাতে, চলিত মাহটোতে এদিনতে বৃদ্ধি পাব পাৰে আক্ৰান্তৰ সংখ্যা। অৰ্থাৎ প্ৰতিদিনে ১০ লাখ পৰ্যন্ত আক্ৰান্ত সংখ্যা বৃদ্ধি হ’ব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে। ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়তো ৰাজ্যত প্ৰতিদিনে সৰ্বাধিক আক্ৰান্ত হৈছিল ৬,৫৫৩জনকৈ লোক।

উল্লেখ্য যে, অসমতো এতিয়া দ্ৰুতহাৰত বৃদ্ধি পাইছে ক’ভিডৰ দ্বাৰা সংক্ৰমিতৰ সংখ্যা। তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কালি ক’ভিড সম্পৰ্কীয় এখন নতুন এছঅ’পি প্ৰকাশ কৰে। কিন্ত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিডৰ সংক্ৰমণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন এছঅ’ পিয়ে বিপাঙত পেলাইছে ছাত্ৰ-ছাত্ৰীসকলক। কাৰণ ৰাজ্য চৰকাৰৰ নতুন এছঅ’পি অনুসৰি ৩০ জানুৱাৰীলৈকে শিক্ষানুষ্ঠানসমূহত পঞ্চম শ্রেণীলৈকে সম্পূর্ণৰূপে বন্ধ থকাৰ বিপৰীতে গুৱাহাটী মহানগৰীত অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান কাৰ্যসূচী। আনহাতে, ষষ্ঠৰ পৰা নৱম শ্ৰেণীলৈকে এদিন এৰি এদিনকৈ বিকল্প পদ্ধতিৰে চলি থাকিব পাঠদান কাৰ্যসূচী।

যাৰ ফলত বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ পাঠদানৰ পৰা বঞ্চিত হ’ব কণ কণ ছাত্ৰ-ছাত্ৰীসকল। অনলাইনৰ জৰিয়তে পাঠদানৰ ব্যৱস্থা কৰিছে যদিও গ্ৰামাঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰীৰ ঘৰত এতিয়াও নাই এণ্ড্ৰয়ড মোবাইল। এনে পৰিস্থিতিত বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাটো একপ্ৰকাৰ নিশ্চিত বুলি মন্তব্য কৰিছে সৰুপথাৰৰ শিক্ষক মহলে।

আনহাতে, বিলাসীপাৰাতো পুনৰ ক’ভিডৰ ভয়ংকৰ সংহাৰী ৰূপ। বিলাসীপাৰাৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ক’ভিডৰ গণসংক্ৰমণৰ আশংকা। একেইদিনা বিদ্যালয়খনৰ তিনিগৰাকীকৈ শিক্ষাৰ্থীৰ দেহত ধৰা পৰিল ক’ভিডৰ উপস্থিতি। কে এম লিটল ফ্লাৱাৰ ইংলিছ মেডিয়াম স্কুলৰ তিনিগৰাকীকৈ ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে ক’ভিডত। দ্বিতীয়, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ এজনকৈ ছাত্ৰৰ দেহত ধৰা পৰিল ক’ভিডৰ বীজাণু। হঠাৎ শিক্ষানুষ্ঠানত ক’ভিডৰ গণসংক্ৰমণৰ ঘটনাক লৈ উদ্বিগ্ন আৰু চিন্তিত বিলাসীপাৰাবাসী ৰাইজ।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular