spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeজীৱন শৈলীপূজাৰ দিনকেইটাত ৰূপে-ৰহণে উজলি উঠিবলৈ শিকি থওক এইকেইটা টিপছ-

পূজাৰ দিনকেইটাত ৰূপে-ৰহণে উজলি উঠিবলৈ শিকি থওক এইকেইটা টিপছ-

ডিজিটেল ডেস্ক : দুৰ্গা পূজালৈ মাজত মাথোঁ এটা দিন৷ চৌদিশে চলিছে পূজাৰ ব্যাপক প্ৰস্তুতি৷ মহানগৰীৰ ফাঁচি বজাৰেই হওক বা বিলাসী শ্বপিং মলেই হওক বা অনলাইন শ্বপিঙেই হওক এতিয়া সকলো ব্যস্ত পূজাৰ বজাৰ কৰাত৷ পিছে যুৱতীসকলৰ চিন্তা কি পোছাকৰ লগত কি প্ৰসাধনে শুৱাব৷ সেইবাবে বহুতেই ইউটিউবত সৌন্দৰ্য চৰ্চাৰ ভিডিঅ’ও নোচোৱা নহয়৷ আন একাংশই আকৌ চিনাকি বিউটিচিয়ানৰ সহায় লৈছে৷ পিছে আপুনি যদি বিচাৰে পূজাত নিজকে ধুনীয়াকৈ সাজিবলৈ, তেনেহ’লে এই টিপছকেইটাই বিশেষ সহায় কৰিব আপোনাক।


চকুৰ মেকআপে সাধাৰণে ধুনীয়া কৰি তোলে সকলোকে৷ চকুৰ মেকআপ কৰিলে আপোনাৰ চকু অধিক আকৰ্ষণীয় হৈ পাৰে। আইশ্বেডো সঠিকধৰণে প্ৰয়োগ কৰিলে সৰু চকুবোৰ ডাঙৰ দেখায় আৰু ই আপোনাৰ ব্যক্তিত্বক নতুন ৰহণ দিয়ে। ভাগৰুৱা চকুকো ই কৰি তোলে সতেজ-সজীৱ আৰু চঞ্চলতাভৰা। কিন্তু যদি এই আইশ্বেডো প্ৰয়োগ কৰাত ভুল হয়, তেনেহ’লে মেকআপে আপোনাক অশুৱনিহে কৰি তুলিব। গতিকে পূজাৰ দিনকেইটাত ৰূপে-ৰহণে উজলি উঠিবলৈ শিকি থওক এইকেইটা টিপছ-

১. প্ৰাইমাৰ ব্যৱহাৰ কৰক
ফাউণ্ডেচন লগোৱাৰ আগতে আপুনি চকুত আই প্ৰাইমাৰ ব্যৱহাৰ কৰক৷ এনে কৰিলে চকুৰ মেকআপ বেছি সময় থাকে আৰু উজ্জ্বলতাও বাঢ়ে।

  1. চিমাৰৰ ব্যৱহাৰ
    চিমাৰৰ ব্যৱহাৰ জনাটো অতিকৈ প্ৰয়োজনীয়৷ চকুৰ মেকআপত পাতল ৰং আৰু গাঢ় ৰঙৰ মাজত ভাৰসাম্য বজায় ৰাখিবলৈ চিমাৰ ব্যৱহাৰ কৰিব লাগে। আপোনাৰ চকুৰ পতাত পাতল ৰঙৰ আইশ্বেডোৰ ওপৰত অধিক টানিবলৈ পাতল ৰঙৰ ওপৰত এটা চিমাৰ ব্যৱহাৰ কৰক৷ য়ে আপোনাৰ চকুহালক অধিক আকৰ্ষণীয় কৰি তুলিব৷
  2. নাকত মেকআপ সানক

চকুৰ মেকআপ অধিক আকৰ্ষনীয় কৰি তুলিবলৈ নাকতো মেকআপ কৰাৰ প্ৰয়োজন আছে৷ তাৰবাবে আপুনি পাতল ৰঙৰ ওপৰত পাছত ডাঠ ৰং প্ৰয়োগ কৰি ত্ৰিমূৰীয়া প্ৰভাৱ সৃষ্টি কৰিব পাৰে। ই চকুবোৰ ডাঙৰ আৰু অঁকা দেখুৱাব।

  1. আইশ্বেডো ব্ৰাছ
    দুটা ৰং একেলগে মিহলি কৰিব ব্যৱহাৰ কৰিব বিচাৰে নেকি? ইয়াৰ বাবে আপুনি কেনেধৰণৰ ব্ৰাছ ব্যৱহাৰ কৰে সেয়া জানি লওক। আপুনি ইউটিউবত থকা কিছুমান ভিডিঅ’ৰ সহায়ত সঠিক ব্ৰাছ নিৰ্বাচন কৰিব পাৰিব। আইশ্বেডো প্ৰয়োগ কৰাৰ আগতে ব্ৰাছটো তিয়াই ৰাখিব লাগে।
    ৫. ৰঙেৰে খেলক
    বিভিন্ন ৰঙৰ সৈতে পৰীক্ষা কৰিবলৈ ভয় নকৰিব। কিন্তু মনত ৰাখিব আপুনি যি প্ৰয়োগ নকৰে কিয়, সেই ৰং ভালদৰে মিলি যাব লাগিব।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular