spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকহত্যা কৰা নাই, আৰক্ষীৰ মাৰ সহিব নোৱাৰি সৈ কাঢ়িছিলোঁ...পুনৰ ৰহস্যৰ আৱৰ্তত চন্দননগৰ...

হত্যা কৰা নাই, আৰক্ষীৰ মাৰ সহিব নোৱাৰি সৈ কাঢ়িছিলোঁ…পুনৰ ৰহস্যৰ আৱৰ্তত চন্দননগৰ হত্যাকাণ্ড!

ডিজিটেল ডেস্ক : ‘মই হত্যা কৰা নাছিলোঁ। আৰক্ষীৰ মাৰ সহিব নোৱাৰি হত্যা কৰা বুলি স্বীকাৰ কৰিছিলোঁ…।’ চন্দন নগৰৰ ডবল মাৰ্ডাৰ কাণ্ডক পুনৰ ৰহস্যৰ আৱৰ্তলৈ ঠেলি দিছে এই ঘটনাৰ মূল অভিযুক্ত আকাশ চৌধুৰীৰ ভাষ্যই। আৰক্ষীৰ জিম্মাত দীঘলীয়া সময় অতিবাহিত কৰা আকাশ চৌধুৰীৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছদিনাই আৰক্ষীয়ে আটক কৰিছিল আৰু তাৰ পাছত তেওঁলোকে সন্দেহৰ মূল কেন্দ্ৰ হিচাপে লৈ আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছিল।

আকাশ চৌধুৰী

ফৰেনচিক বিভাগৰ বিশ্লেষণ, হত্যাকাণ্ড সংঘটিত হোৱা স্থানত পোৱা ফিংগাৰ প্ৰিণ্ট সকলোৱে আকাশকে অপৰাধী বুলি চিহ্নিত কৰাৰ বাবে নানা প্ৰমাণ আৰক্ষীক দিছিল যদিও আৰক্ষীৰ নিৰন্তৰ জেৰাৰ পাছতো হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা নাছিল আকাশ চৌধুৰীয়ে। ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ ঘৰত প্ৰায় কুৰি বছৰে কেয়াৰ টেকাৰ হিচাপে থকা আকাশ চৌধুৰীয়ে আৰক্ষীৰ নেৰানেপেৰা জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। কিদৰে পিছ দুৱাৰেৰে প্ৰৱেশ কৰি বৰুৱা দম্পতীক হত্যা কৰিছিল তাৰো বিৱৰণ দিছিল আকাশে। পটাগুটিৰে মূৰ থেতালি হত্যা কৰাৰ পাছত আকাশে ঘটনাটোক ডকাইটী কাণ্ডৰ ৰূপ দিবলৈ ঘৰৰ খিৰিকী ভঙাৰ লগতে বয়বস্তু লণ্ড-ভণ্ড কৰি পেলাইছিল বুলি আকাশে স্বীকাৰ কৰা কথা আৰক্ষীয়ে সদৰি কৰিছিল। কিন্তু এতিয়া পুনৰ সমগ্ৰ ঘটনাক ৰহস্যৰ আৱৰ্তলৈ থেলি দিছে হত্যাৰ গোচৰত অভিযুক্ত হোৱা আকাশে।

ননীগোপাল
ননীগোপাল বৰুৱা আৰু মীনা বৰুৱা


সোমবাৰে আদালতলৈ নিয়াৰ সময়ত সংবাদ মাধ্যমৰ আগত আকাশ চৌধুৰীয়ে কৰে চাঞ্চল্যকৰ মন্তব্য। সাংবাদিকে তেওঁক কিয় হত্যা কৰিলে বুলি প্ৰশ্ন কৰাত বাৰে বাৰে আকাশ চৌধুৰীয়ে ক’লে এটাই কথা। ‘মই হত্যা কৰা নাই।’ সাংবাদিকে যেতিয়া ওলোটাই সুধিলে যে, তেতিয়াহ’লে আৰক্ষীৰ আগত কিয় স্বীকাৰ কৰিছিল হত্যা কৰা বুলি? তেতিয়া আকাশ চৌধুৰীয়ে বিস্ফোৰক অভিযোগ তুলি কয় যে, ‘আৰক্ষীৰ মাৰ সহিব নোৱাৰি মই হত্যা কৰা বুলি কৈছিলোঁ। আৰক্ষীয়ে মোক প্ৰচণ্ড মাৰপিট কৰিছিল আৰু সহিব নোৱাৰি মই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছোঁ… মই দিন হাজিৰা কৰি চলা মানুহ। মই সন্তানৰ শপত খাই কৈছোঁ মই হত্যা কৰা নাই।’ আকাশ চৌধুৰীৰ এই বিস্ফোৰক মন্তব্যই এতিয়া সমগ্ৰ ঘটনাটোক গভীৰ ৰহস্যৰ মাজলৈ থেলি দিছে।


মন কৰিবলগীয়া যে, আৰক্ষীৰ তদন্তত হত্যাকাণ্ডৰ দিনা বৰুৱাৰ ঘৰৰ চৌহদত ভালেমান লোক উপস্থিত থকাৰ কথা প্ৰকাশ পাইছিল। আকাশ চৌধুৰীয়ে আন কেইবাজনো লোকৰ সৈতে সেইদিনা সুৰাৰ পাৰ্টীও কৰিছিল। ইফালে বৰুৱাৰ প্ৰতিৱেশীৰ চিচিটিভি কেমেৰাত ধৰা পৰিছিল হাতত লাঠী লৈ থকা আন দুজন লোক। কিন্তু এই দুজন লোক কোন আছিল আৰু কি উদ্দেশ্যে তালৈ আহিছিল সেইকথা পোহৰলৈ নাহিল। আৰক্ষীয়ে আকাশৰ পত্নীকো দোষমুক্ত বুলি প্ৰকাশ কৰিছে যদিও একেটা ঘৰতে থকা পুতু দাসে কিদৰে আকাশৰ দুষ্কাৰ্যৰ বিষয়ে অৱগত নোহোৱাকৈ থাকিল সেয়াও সন্দেহৰ বিষয়। আৰক্ষীয়ে এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ ৰাজহুৱা কৰা নাই আৰু সেয়া ক’ব পৰা নহয় বুলি প্ৰকাশ কৰিছিল। যি কথায়ো উৎকণ্ঠা সৃষ্টি কৰিছিল। এতিয়া অপৰাধী বিবেচিত হোৱা আকাশে আদালতৰ সন্মুখত নিজৰ বচাবলৈ পুনৰ মিছা মাতিছে ইয়াৰ আঁৰত সঁচাকৈয়ে কিবা গভীৰ ৰহস্য আছে সেইকথাক লৈ বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular