spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeৰাষ্ট্ৰীয়হিন্দু দেৱ-দেৱীৰ মূৰ্তি ভাঙি চূৰমাৰ! দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ তীব্ৰ অভিযান

হিন্দু দেৱ-দেৱীৰ মূৰ্তি ভাঙি চূৰমাৰ! দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ তীব্ৰ অভিযান

ডিজিটেল ডেস্কঃ পশ্চিমবংগত পুনৰ বিয়পি পৰিছে উত্তেজনা। আকৌ এবাৰ হিন্দু দেৱ-দেৱীৰ মূৰ্তি লণ্ডভণ্ড কৰি হিন্দু ধৰ্মাৱলম্বী লোকক আঘাত দিলে কোনো দুষ্কৃতিকাৰীয়ে। দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা জিলাত সংঘটিত এই ঘটনাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। আগন্তুক ৰাস উৎসৱৰ বাবে প্ৰস্তুত কৰা হিন্দু দেৱ-দেৱীৰ মূৰ্তিসমূহ দুষ্কৃতিকাৰীয়ে ভাঙি চূৰমাৰ কৰে।

ঘটনা সংক্ৰান্তত আৰক্ষী অধীক্ষক জোবি থমাছে কয় যে মূৰ্তিবোৰ ধ্বংস কৰাৰ খবৰ স্থানীয় লোকে দিছিল। ইয়াৰ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভঙা মূৰ্তিবোৰ আঁতৰাই লৈ গৈছিল আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই। সমগ্ৰ বিষয়টোৰ ওপৰত অনুসন্ধান কৰি আছে পশ্চিমবংগ আৰক্ষীয়ে।

আৰু পঢ়কঃ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব কংগনা ৰাণাৱট!

আৰক্ষীয়ে কয় যে, ”যদি কাৰোবাক দোষী সাব্যস্ত কৰা হয়, তেন্তে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম।” পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বৰ্তমানলৈকে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ অহা নাই। উল্লেখ্য যে যোৱা অক্টোবৰ মাহৰ দুৰ্গা পূজাৰ সময়তো পশ্চিমবংগৰ লগতে বাংলাদেশত দুষ্কৃতিকাৰীয়ে মূৰ্তি ভঙাৰ খবৰ পোহৰলৈ আহিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular