spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeব্ৰেকিং নিউজকিয় এৰিলে গেৰুৱা দল? প্ৰথমবাৰলৈ মুখ খুলিলে বাবুল সুপ্ৰিয়ই

কিয় এৰিলে গেৰুৱা দল? প্ৰথমবাৰলৈ মুখ খুলিলে বাবুল সুপ্ৰিয়ই

ডিজিটেল ডেস্কঃ বাবুল সুপ্ৰিয়ৰ বিজেপি ত্যাগ আৰু তৃণমূল কংগ্ৰেছত যোগদানে ইতিমধ্যে সমগ্ৰ পশ্চিমবংগৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিছে।বিজেপিৰ পৰা নিজ দললৈ সুপ্ৰিয়ৰ দৰে নেতাক আনি যোগ দিয়াব পৰাটো মমতা বেনাৰ্জীৰ বৃহৎ সফলতা বুলিও বহুতে চৰ্চা কৰিছে। এনে চৰ্চাৰ মাজতে আজি গায়ক তথা বিজেপি ত্যাগী সুপ্ৰিয়ই আগবঢ়ায় তাৎপৰ্যপূৰ্ণ বক্তব্য।

তেওঁ কয়, ‘মই সদায় প্ৰথম একাদশত থাকিব বিচাৰিছিলো আৰু আজিও বিচাৰো’।তেওঁ লগতে কয় যে তেওঁক তৃণমূল কংগ্ৰেছত যোগদান কৰোৱাৰ আঁ‌ৰৰ মূল মানুহজন হ’ল ডেৰেক অ’ব্ৰাইন। মানুহৰ সমালোচনাৰ সন্মুখীন হ’ব বুলি জানিও তেওঁ এই সিদ্ধান্ত লৈছিল বুলি প্ৰকাশ কৰে সংবাদ মেলত। যি নহওঁ‌ক, সুপ্ৰিয়ৰ তৃণমূল গমনে ৰাজ্যখনত দলটোৰ হাত অধিক সুদৃঢ় কৰাৰ লগতে বিজেপিৰ অৱশিষ্ট ভেটিত কঁ‌পনি তোলাটো প্ৰায় নিশ্চিত বুলি ৰাজনৈতিক বিশ্লেষক মহলে মত পোষণ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular