spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeৰাষ্ট্ৰীয়ঘৰ ভাড়া দিবলৈ থোৱা টকাৰে পত্নীয়ে কিনিলে গহনা; স্বামীয়ে ল'লে ভয়ংকৰ ৰূপ...

ঘৰ ভাড়া দিবলৈ থোৱা টকাৰে পত্নীয়ে কিনিলে গহনা; স্বামীয়ে ল’লে ভয়ংকৰ ৰূপ…

ডিজিটেল ডেস্কঃ হত্যা-হিংসা-অপৰাধজনিত ঘটনা ভয়ংকৰভাবে বৃদ্ধি পাইছে দেশত। স্বামী-স্ত্ৰীৰ কাজিয়াই চূড়ান্ত ৰূপ লোৱাত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। ঘৰ ভাড়া দিবলৈ জমা হোৱা টকাৰে গহনা কিনা বাবে পত্নীক মৰিয়াই হত্যা কৰে এজন লোকে।

বাংগালুৰুৰ দয়ানন্দনগৰৰ বাসিন্দা শ্বেইক ফাৰুক নামৰ লোক এজনে নিজপত্নীক হত্যা কৰা ঘটনা পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি ফাৰুকে সোমবাৰে পুৱা পত্নী নাজিয়াৰ হাতত ঘৰ ভাড়া দিবলৈ ৬,৫০০ টকা জমা দিছিল। কিন্তু পত্নীয়ে সেই টকাৰে দীপাৱলীত বিক্ৰী কৰিব বুলি গহনা ক্ৰয় কৰে। সন্ধিয়া ফাৰুকে পত্নীক ঘৰ ভাড়া দিয়াৰ কথা সোধাত নাজিয়াই গহনা বিক্ৰী কৰাৰ পৰিকল্পনাৰ বিষয়ে জনায়। পত্নীৰ কথাত ক্ৰোধান্বিত হয় ফাৰুক আৰু সূত্ৰপাত হয় কাজিয়াৰ। খঙত হিতাহিত জ্ঞান হেৰুৱাই ফাৰুকে পত্নীক মুখত আঘাত কৰাৰ লগতে দেৱালত থেকেচি দিয়ে নাজিয়াৰ মূৰ। পাছত অচেতন অৱস্থাত নাজিয়াক হাস্পতাললৈ লৈ যোৱা হয় যদিও মৃত্যুৰে হাৰ মানে নাজিয়াই।

ইতিমধ্যে নাজিয়াৰ মাতৃয়ে আৰক্ষীক অভিযোগ দাখিল কৰে আৰু ছিদ্দাপুৰা আৰক্ষীয়ে ফাৰুকৰ বিৰুদ্ধে এক হত্যাৰ গোচৰ ৰুজু কৰে। পাছত ছিদ্দাপুৰা আৰক্ষীয়ে ফাৰুকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular