spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকসাৱধান! উৰণীয়া সেতুত ছেলফী ল’লে আপুনি হ’ব পাৰে ৰঙাঘৰৰ আলহী!

সাৱধান! উৰণীয়া সেতুত ছেলফী ল’লে আপুনি হ’ব পাৰে ৰঙাঘৰৰ আলহী!

ডিজিটেল ডেস্ক: সাৱধান! এতিয়াৰেপৰা মন গ’লেই য’তে-ত’তে নিজৰ মোবাইলটো উলিয়াই ছেলফী উঠি আপোনপাহৰা নহ’ব। গুৱাহাটীৰ উৰণীয়া সেতুৰ ওপৰত যধেমধে ছেলফী উঠাসকল হওক সাৱধান। আনহাতে সাৱধান হওক নিশা আহি চোৰৰ নিচিনাকৈ বেনাৰ-পোষ্টাৰ আঁৰি থৈ যোৱা লোকসকলো। দিছ্পুৰৰ নতুন আটকধুনীয়া উৰণীয়া সেতুত সন্ধিয়া চলে ছেলফীৰ প্ৰতিযোগিতা। কিন্তু এতিয়াৰেপৰা হওক সাৱধান৷ উৰণীয়া সেতুত বাৰম্বাৰ ছেলফী উঠি পোষ্ট দিলেই ৰঙাঘৰত সোমাব পাৰে আপুনিও৷

এতিয়াৰে পৰা দিছপুৰৰ নতুন উৰণীয়া সেতুত পথাচাৰীক অসুবিধাত পেলাই ছেলফী উঠিলে বিপদ অনিবাৰ্য হ’ব আপোনাৰ৷ ইপিনে নিশাৰ অন্ধকাৰত চোৰৰ নিচিনাকৈ বেনাৰ লগাই বিপদত পৰিল ‘ফাল্কন মহোৎসৱ’ৰ উদ্যোগতা৷ ‘ফাল্কন মহোৎসৱ’লৈ গুৱাহাটী পৌৰ নিগমে প্ৰেৰণ কৰিলে কাৰণ দৰ্শোৱাৰ জাননী৷ তিনি দিনৰ ভিতৰতে উত্তৰ দিব লাগিব উদ্যোগতাসকলে৷

উত্তৰত সন্তুষ্ট নহ’লেই নিগমে ল’ব আইনগত ব্যৱস্থা৷ ৰাজহুৱা সম্পত্তি বিকৃতকৰণ অধিসূচনা উলংঘা কৰাৰ অপৰাধত পৌৰ আইন অনুসৰি বিহীত শাস্তিৰ সন্মুখীন হ’ব এনে ব্যক্তি বা প্ৰতিষ্ঠানসমূহ।
লগতে নিশাৰ আন্ধাৰত উৰণীয়া সেতু অথবা ৰাজহুৱা সৌন্দৰ্যবৰ্ধিত অন্যান্য স্থানত এতিয়াৰেপৰা যধে-মধে পোষ্টাৰ-বেনাৰ আদি আঁৰিলে ৰাজহুৱা সম্পত্তি নষ্ট কৰা অপৰাধত জৰিমনাসহ জে’লযাত্ৰাৰ পথ প্ৰশস্ত হ’ব পাৰে আপোনাৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular