spot_img
13.7 C
Guwahati
13.7 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকএইবাৰ বস্তুৰ দাম কমিবই! অভিনৱ উপায় উলিয়ালে অতুল বৰা, ভৱেশ কলিতা, জয়ন্ত...

এইবাৰ বস্তুৰ দাম কমিবই! অভিনৱ উপায় উলিয়ালে অতুল বৰা, ভৱেশ কলিতা, জয়ন্ত মল্লই

গুৱাহাটী : বজাৰত শাক-পাচলি, গেছ চিলিণ্ডাৰৰ পৰা পেট্ৰ’ল-ডিজেললৈকে সকলোৰে জুই-ছাই দাম। বজাৰলৈ গৈ ধোঁৱা-কোৱা দেখিবলগীয়া অৱস্থা সকলোৰে। দামে আকাশ চুইছে মিঠাতেলৰো। চৰকাৰে দাম নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি সৰ্বত্ৰে উঠিছে সমালোচনাৰ জোৱাৰ। কিন্তু আমাৰ শাসকীয় দলৰ নেতা-বিধায়কসকল এনেই বহি থকা নাই। তেওঁলোক দাম কমোৱাৰ বিভিন্ন অভিনৱ উপায় উদ্ভাৱনত লাগি গৈছে। কিছুদিনৰ পূৰ্বে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে কণীৰ দাম বঢ়াৰ এটা অতি অভিনৱ কাৰণ বিচাৰি উলিয়াইছিল। তেওঁ ‘গৱেষণা’ত লাভ কৰা তথ্য মতে মানুহে কণী বেছিকৈ খোৱাৰ বাবেই দাম বাঢ়িছে।

গতিকে কণী কমাই কালেই কমি যাম ইয়াৰ দাম। এতিয়া তেওঁৰ সুৰতে সুৰ মিলাইছে দিছপুৰৰ বিধায়ক অতুল বৰাই। মিঠাতেলৰ দাম কমোৱাৰ বাবে তেওঁ ৰাইজক তেল কমাই খোৱাৰ উপদেশ দিছে। তেওঁৰ মতে, মানুহে তেলৰ ব্যৱহাৰ কম কৰি দিলেই বেপাৰীসকলৰ মুদা মৰিব আৰু তেলৰ দাম কম কৰিবলৈ বাধ্য হৈ পৰিব। তেওঁ লগতে কয়, ‘বাকীবোৰ বস্তু বেছিকৈ খাব লাগে। তেল কমাই খাব লাগে। মই তেল নাখাওঁ। সিজোৱা বস্তুহে খাওঁ।’ বিধায়ক বৰাৰ এই বহুমূলীয়া উপদেশ ৰাইজে গ্ৰহণ কৰিলে তেলৰ দাম নকমাকৈ থাকিব পাৰেনে? ইফালে, সিজোৱা বস্তু খোৱাৰ ফলত স্বাস্থ্যও ৰক্ষা পৰিব। হাতে-কামে একো কৰিব নোৱাৰিলেও এনে অভিনৱ উপায় উদ্ভাৱনেৰে শাসকীয় দলৰ নেতা-বিধায়কে ৰাইজৰ উপকাৰ কৰাৰ চেষ্টা চলাই গৈছে। ইয়াৰ পূৰ্বে নলবাৰীৰ বিধায়ক তথা মু্খ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই পেট্ৰ’ল-ডিজেলৰ দাম কমাবলৈ হ’লে গাড়ীৰ ঋণ প্ৰদান কৰা বন্ধ কৰিবলৈ বেংকক পৰামৰ্শ দিছিল। হওতে কথাটো হয়ো। গাড়ীৰ ঋণ নাপালে দুচকীয়া বা চাৰিচকীয়া বাহন কিনিব নোৱাৰিব ৰাইজে। তেতিয়া তেলৰ ব্যৱহাৰে কমিব, দামো কমিব।

মিঠাতেলৰ দাম বেছি যিহেতু ৰাইজে পূৰ্বতকৈ কমকৈ চাকি জ্বলায়ে দীপাৱলী পালন কৰা উচিত


এইবাৰ একেটা সুৰতে সুৰ মিলাই বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰাইজক কমকৈ চাকি জ্বলাই দেৱালী পালন কৰাৰ পৰামৰ্শ দিছে। তেওঁৰ মতে, ‘মিঠাতেলৰ দাম বেছি যিহেতু ৰাইজে পূৰ্বতকৈ কমকৈ চাকি জ্বলায়ে দীপাৱলী পালন কৰা উচিত।’ মুঠতে যেনেকৈ নহওক ব্যৱহাৰ কম কৰক। ব্যৱহাৰ নকৰিলে দাম বাঢ়ক বা কমক সেই লৈ কাৰ কি আহে যায়? শাসকীয় দলৰ নেতাসলৰ এই উপদেশ এতিয়া বেছ চৰ্চাৰ কাৰণ হৈ পৰিছে। ইফালে, সেউজ দীপাৱলী পালন কৰিবলৈ আহ্বান জনাই সভাপতিগৰাকীয়ে কয়, ‘চাইনিজ বস্তু পৰিহাৰ কৰক। মাটিৰ চাকি জ্বলায়েই পালন কৰক পোহৰৰ উৎসৱ।’ কাইলৈ ঘোষণা হ’বলগীয়া উপ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভতো ভৱেশ কলিতা মত প্ৰকাশ কৰে৷ নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যৰ পাঁচোটা সমষ্টিতে বিজেপি জিকিব বুলি দাবী কৰে সভাপতি কলিতাই।
তেওঁ কয়, ‘আমি ৫ টা গ’ল দিলোঁ৷ বিৰোধীৰ গ’লকীপাৰ নাছিল। সেয়ে খেলি ভাল নালাগিল।’ বুলি কয় ভবেশ কলিতাই৷ থাওৰাত কংগ্ৰেছ লগত, মৰিয়নিতো কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা হ’ব। বিৰোধী আঞ্চলিক দল ‘ৰাইজৰ দল’ দ্বিতীয় স্থানতো নাথাকে বুলিও তেওঁ দাবী কৰে। ভবানীপুৰ আৰু তামুলপুৰ সমষ্টিতো বিপুল ভোটত জয়ী হ’ব বুলি বিশ্বাসী ভবেশ কলিতাই গোসাঁইগাঁৱত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব বুলি মন্তব্য কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular