Google search engine
25.1 C
Guwahati
Tuesday, August 3, 2021
Google search engine
Homeআঞ্চলিকসোণোৱালক প্ৰশংসা হিমন্তৰ: সভাপতিৰ দায়িত্বত ভৱেশ কলিতা

সোণোৱালক প্ৰশংসা হিমন্তৰ: সভাপতিৰ দায়িত্বত ভৱেশ কলিতা

গুৱাহাটীৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ প্ৰশংসাত পঞ্চমুখ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ভাষণ প্ৰসংগত শৰ্মাই কয়- ‘সোণোৱাল ডাঙৰীয়াক সফল পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে প্ৰাৰ্থনা৷ তেওঁ যথেষ্ঠখিনি কৰি থৈছে দলটোৰ বাবে৷’
আজি অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত ড০ হিমন্ত বিশ্ব শৰ্মাই সোণোৱালৰ অৱদান দলটোৰ বাবে অপূৰণীয় বুলিও মন্তব্য কৰে৷ আজি এই অনুষ্ঠানত ৰাজ্যিক বিজেপি সভাপতিৰ দায়িত্ব ল’লে মন্ত্ৰী ভৱেশ কলিতাই৷ আজি হেঙেৰাবাৰীত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে সভাপতিৰ দায়িত্ব৷ ৰঞ্জিত দাসৰ পৰা সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে কলিতাই৷ সভাপতিৰ আসন গ্ৰহণ কৰি ভৱেশ কলিতাই কয় যে, ‘আমি বহুত কৰিবলগীয়া আছে। আমি ২৫ বছৰীয়া একশ্যন প্লেন প্ৰস্তুত কৰি আগবাঢ়িব লাগিব। জ্যেষ্ঠজনক সন্মান জনাই আমি আগবাঢ়িম৷’
ড্ৰাগছমুক্ত অসমৰ গঢ়াৰ লক্ষ্যৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শ’লাগ ভৱেশ কলিতাৰ।
কাৰ্যনিৰ্বাহকত ৰঞ্জিত দাসে ভাষণত প্ৰসংগত কয়,- ‘মোৰ ৪ বছৰ ৬ মাহৰ কাৰ্যকাল অন্ত পৰিল। কা আন্দোলনৰ সময়ত যি পৰিৱেশৰ সৃষ্টি হৈছিল তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই কৈছিল বহু কাম কৰিব লাগিব আৰু সেই অনুসৰি কাম কৰি আজি এই অৱস্থা পাইছে বিজেপি দলে।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.1 ° C
25.1 °
25.1 °
97 %
1.4kmh
100 %
Tue
31 °
Wed
33 °
Thu
33 °
Fri
33 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular