spot_img
16 C
Guwahati
16 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeৰাষ্ট্ৰীয়প্ৰেমিকাৰ সৈতে জিমত ব্যস্ত স্বামী; হঠাতে আহি ওলাল পত্নী, তাৰ পাছতে ঘটিল...

প্ৰেমিকাৰ সৈতে জিমত ব্যস্ত স্বামী; হঠাতে আহি ওলাল পত্নী, তাৰ পাছতে ঘটিল এই গুৰুতৰ অঘটন

ডিজিটেল ডেস্কঃ বিয়াৰ পিছত অন্য নাৰীৰ সৈতে মিতিৰালি কৰাত দহ বাৰ ভাবক নহ’লে আপুনি হ’ব পাৰে পত্নীৰ ৰোষৰ বলি। মধ্যপ্ৰদেশৰ ভূপালৰ পৰা আহিছে তেনেকুৱাই এক খবৰ। ভূপালৰ কোহেফিজা নামৰ অঞ্চলত থকা এটা জিমত এগৰাকী মহিলাই দেখুৱালে ৰণচণ্ডী ৰূপ। মহিলাগৰাকীয়ে যি কাণ্ড কৰিলে সেয়া বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। মহিলাগৰাকীয়ে জিমত প্ৰৱেশ কৰি দেখে যে তেওঁৰ স্বামীয়ে অন্য এগৰাকী মহিলাৰ সৈতে ব্যায়াম কৰাত ব্যস্ত। এই দৃশ্য দেখি খঙত টিঙিৰিতুলা হৈ উঠে মহিলাগৰাকী। লগালগ তেওঁ স্বামীৰ বান্ধৱীগৰাকীক চেন্দেল খুলি মাৰিবলৈ ধৰে আৰু চুলিত ধৰি ঘটালি দিয়ে।

স্বামীয়ে পত্নীৰ এই আকস্মিক আক্ৰমণত হতভম্ব হৈ উঠে আৰু কি কৰো কি নকৰো ভাবি থাকোতেই সিফালে পত্নীয়ে স্বামীৰ বান্ধৱীক কোবাই কোবাই অৱস্থা কাহিল কৰিলে। স্বামীয়ে বান্ধৱীক পত্নীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চাওতে স্বামীকো মাৰপিট কৰে মহিলাগৰাকীয়ে। অৱশেষত স্বামীও পত্নীৰ সৈতে হতাহতিত লিপ্ত হয়।

অৱশেষত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। মহিলাগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি বহুদিনৰ পৰা তেওঁৰ স্বামীৰ ওপৰত সন্দেহ হৈ আছিল। স্বামীৰ অন্য কোনো নাৰীৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলি তেওঁ বহুবাৰ সন্দেহ কৰিছিল কিন্তু স্বামীক এই বিষয়ে সুধিলে একাষাৰতে নাকচ কৰে আৰু ওলোটাই পত্নীকহে গালি-গালাজ কৰে।

সন্দেহ সঁচা নে মিছা প্ৰমাণ চাবৰ বাবে পত্নী সেইদিনা স্বামীৰ পিছে পিছে যায় আৰু তেওঁ দেখা পায় যে বাটতে স্বামীয়ে অন্য এগৰাকী নাৰীক লৈ জিমত সোমাই গৈছে আৰু একেলগে দুয়ো ব্যায়াম কৰাত মচগুল হৈ পৰিছে। সেই দৃশ্য দেখা পায়ে তেওঁ খঙত ক’ব নোৱাৰা হৈ এই কাণ্ড সংঘটিত কৰে। আৰক্ষীয়ে তিনিওকে আটক কৰি থানালৈ আনে আৰু সোধাপোচা অব্যাহত ৰাখিছে। এই সমগ্ৰ দৃশ্য কোনোৱে ভিডিঅ’ কৰি ৰাখে আৰু ছ’চিয়েল মিডিয়াত এৰি দিয়ে। বৰ্তমান বিজুলী গতিত সেই মাৰপিটৰ দৃশ্য ভাইৰেল হৈ পৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular