spot_img
18 C
Guwahati
18 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকভূপেন-প্ৰিয়মঃ অসম্পূৰ্ণ হৈয়ো সম্পূৰ্ণ এক প্ৰেম কাহিনী

ভূপেন-প্ৰিয়মঃ অসম্পূৰ্ণ হৈয়ো সম্পূৰ্ণ এক প্ৰেম কাহিনী

ভূপেন হাজৰিকা। এই নাম শুনিলেই আপোনাআপুনি গৰ্বত ওফন্দি উঠে প্ৰতিজন অসমীয়াৰ বুকু। ভূপেন হাজৰিকাই কি দিয়া নাই অসমক। অসমক বিশ্বতে দিলে পৰিচিতি। ভূপেন হাজৰিকাৰ গানত জাগি উঠে জাতি… ভূপেন হাজৰিকাৰ গানত সাহস থাকে…থাকে বাট দেখুৱাৰ পোহৰ আৰু মৰম ভালপোৱা। ভূপেন হাজৰিকাৰ বাবে গানেই প্ৰেম আছিল। তেওঁ আছিল এজন প্ৰেমিক হৃদয়ৰ মানুহ।তেওঁৰ প্ৰেম জীৱনো আছিল বহুৰঙী ফুলৰ দৰে৷ ভূপেন হাজৰিকাৰ জীৱনলৈ বহু নাৰীৰ আগমন ঘটিছিল বুলি মানুহৰ মুখে মুখে শুনা যায়। বিভিন্ন সময়ত বহু নাৰী ভূপেনদাৰ সান্নিধ্য লাভৰ বাবে উদ্বাউল হৈ পৰিছিল৷ যদিও তেওঁৰ বৈবাহিক জীৱনৰ সম্পৰ্ক মধুৰ নাছিল, যদিও খুব কমদিনৰ কাৰণেহে ভূপেন হাজৰিকাই যুগ্ম জীৱনৰ সোৱাদ পাইছিল তথাপিও কিন্তু তেওঁৰ জীৱনত বহু নাৰী থকা স্বত্বেও পত্নীৰ মৰ্যাদাত সদায় তেওঁ এগৰাকী নাৰীকেই ৰাখিলে। নাম তেওঁৰ প্ৰিয়ম্বদা পেটেল। প্ৰিয়ম্বদা পেটেল আছিল ৰূপে-গুণে বিভূষিতা। প্ৰজ্ঞা আৰু সৌন্দৰ্যৰ উজ্জল প্ৰতীক আছিল প্ৰিয়ম্বদা। এক আঢ্যৱন্ত পৰিয়ালৰ উচ্চ শিক্ষিতা যুৱতী প্ৰিয়ম্বদাই হৰি নিছিল ভূপেন হাজৰিকাৰ হৃদয়। বিশ্ব বৰেণ্য শিল্পী ভূপেন হাজৰিকাই ক’ত লগ পাইছিল হৃদয়ৰ ৰাণী প্ৰিয়ম্বদাক? সেই প্ৰশ্নৰ উত্তৰ বহুতে জানে, বহুতে নাজানে।

১৯৪৯ চনৰ ছেপ্টেম্বৰ মাহত ভূপেন হাজৰিকাই উচ্চ শিক্ষা গ্ৰহণৰ অৰ্থে আমেৰিকালৈ যাত্রা কৰে। কলম্বিয়া বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল ভূপেন দাই। তাতে তেওঁ লগ পাইছিল প্ৰিয়ম্বদাক। ২৬ জানুৱাৰীত হাজৰিকাই এটা অনুষ্ঠানত অংশগ্রহণ কৰিছিল। এই অনুষ্ঠানটোত নৃত্য কৰিছিল প্রিয়ম্বদা পেটেল নামৰ গুজৰাটী ছােৱালীজনীয়ে। প্রিয়ম্বদাৰ ৰূপে-গুণে মোহিত কৰি পেলাইছিল ভূপেনদাৰ প্ৰেমিক সত্বাক। প্রিয়ম্বদা পেটেল আছিল চৰ্দাৰ বল্লভভাই পেটেলৰ পৰিয়ালৰ ছােৱালী। পিতৃৰ নাম ডাঃ এম এম পেটেল। প্রিয়ম্বদাৰো লাহে লাহে ভূপেন হাজৰিকাৰ প্রতি দুর্বলতা বাঢ়ি আহিছিল। এদিন হঠাৎ প্রিয়ম্বদাই কৈ পেলালে, “মই এম এ পঢ়িবলৈ চাৰি বছৰৰ কাৰণে আহিছিলাে। এতিয়া দেউতাই মাতি পঠাইছে৷ যােৱাৰ আগতে মই তােমাক বিয়া কৰাই যাব খােজো।” ভূপেন হাজৰিকাই এতিয়াই বিয়াৰ বাবে প্ৰস্তুত নহয় বুলি কৈছিল। প্রিয়ম্বদাই মনা নাছিল। ভূপেন হাজৰিকাক জেদ ধৰি কৈছিল,—“তেওঁ আনক বিয়া নকৰায়।” যিজন ল’ৰাই ইতিমধ্যে তেওঁক বিয়াৰ প্রস্তাব দিছিল, সেইজন হ’ল ৰাষ্ট্রসংঘৰ কর্মৰত বিষয়া। পাছলৈ তেওঁ মোৰাৰজী দেশাইৰ দিনত বিত্ত সচিব আছিল আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হৈছিলগৈ। শেষত দুয়ােজনে নিজৰ নিজৰ দেউতাকক চিঠিৰে বিয়াৰ কথা জনাইছিল। প্রিয়ম্বদাৰ দেউতাক এই বিয়াক লৈ বৰ এটা সন্তুষ্ট নাছিল। প্রিয়ম্বদা পেটেল আৰু ভূপেন হাজৰিকাৰ বিবাহ হৈ গ’ল ১৯৫০ চনৰ ১ আগষ্টত। প্রিয়ম্বদা পেটেল হ’লগৈ প্রিয়ম হাজৰিকা। ১৯৫২ চনত এটি পুত্ৰ সন্তানৰ জন্ম হ’ল। নাম তেজ হাজৰিকা।

ভূপেন হাজৰিকাই পত্নীৰ লগত কেইবছৰমানহে একেলগে আছিল। প্ৰিয়ম আছিল আন্তঃৰাষ্ট্ৰীয় সম্পর্কৰ বিষয়ে অধ্যয়ন কৰা আৰু ৰাষ্ট্রদূত হোৱাৰ সপােন দেখা ধনী মানুহৰ ঘৰৰ উচ্ছাকাংক্ষী ছােৱালী। আনহাতে ভূপেন হাজৰিকা খামখেয়ালি মনৰ, বহেমিয়ান, যাযাবৰ শিল্পী। যেন দুজন সম্পূৰ্ণ ভিন্ন মনৰ মানুহ। দুয়াে স্বামী-স্ত্রী হৈ সংসাৰ চলাই নিয়াত সমস্যাই দেখা দিলে। লাহে লাহে আৰম্ভ হ’ল মৃদু সংঘাত। প্ৰিয়মে তেওঁৰ কাষৰ পৰা আঁতৰি অকলশৰে থকাৰ সিদ্ধান্ত লৈ পেলাইছিল। ধৰি ৰাখিবলৈ চেষ্টা কৰা নাছিল ভূপেন দাই। ভূপেন হাজৰিকাই জীৱনৰ অজস্ৰ ঘাত-প্ৰতিঘাতত হেৰুৱাই পেলাইছিল বৈবাহিক জীৱনৰ মাধুৰ্য্য৷ বাৰ্লিনৰ আন্তঃৰাষ্ট্ৰীয় সংগীত মহোৎসৱত ভাগ লৈ উভতি অহাৰ পাছত এক ঘটনাচক্ৰত পৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰি ত্যাগ কৰিবলীয়া হৈছিল ভূপেন হাজৰিকাই। ইয়াৰ পাছতেই তেওঁলোকৰ সংসাৰত আৰ্থিক সংকটেও দেখা দিছিল৷

এনে পৰিস্থিতিৰ মাজতে পত্নী প্ৰিয়ম্বদা পেটেলৰ সৈতে ভূপেনদাৰ এৰাএৰি হয়৷ পুত্ৰ তেজক লৈ কানাডালৈ গুচি যোৱা প্ৰিয়মে বৈদেশিক সেৱাৰ বিষয়াৰ পদত যোগদান কৰে৷ ভূপেনদাই আত্মজীৱনীত লিখিছে– ‘‘প্ৰিয়মে মোৰ বাবে যথেষ্ট ত্যাগ কৰিলে– আৰ্থিকভাৱেও কৰিলে৷ মই ভাবিলো যে ইমান গুণী ছোৱালীজনীক মই আৰু সদায় মাছৰ জোল ৰান্ধিবলৈকে ৰাখিম নে? ৰাষ্ট্ৰদূত হ’ব পৰা ছোৱালী৷ Indian Foreign Service-ত তেওঁক কাম কৰিবলৈ মাতি আছিল৷ তথাপি পঠিয়াব পৰা নাছিলো৷ পুৰুষ-শাসিত সমাজব্যৱস্থা মতে তেওঁ অন্য কোনো কাম কৰিব নালাগে৷ ইফালে আকৌ বেয়া লাগিছিল ৰান্ধিনী হৈ থাকিব নেকি বা মই তেওঁৰ তালৈ গৈ ঘৰজোঁৱাই হৈ কফি বাগানৰ মেনেজাৰ হ’মগৈ নেকি? নাইবা মই Air India International-ত কাম কৰিমগৈ নেকি? নাইবা মই খুব ডাঙৰ কোম্পানীত জনসম্পৰ্কৰক্ষী বিষয়া হ’মগৈ নেকি?’’ তেওঁলােকৰ অন্য কোনাে সংঘাত হােৱা নাছিল। কিয়নাে প্রিয়মৰ ভায়েক কৈলাশ পেটেল যাদৱপু্ৰ বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে ভূপেন হাজৰিকাৰ লগতে আছিল। পাছত ভূপেনদাৰ ভনীয়েক ৰুবীক কৈলাশ পেটেললৈ বিয়া দিছিল।

উল্লেখ্য যে ভূপেন হাজৰিকাৰ কালজয়ী অসমীয়া চিনেমা এৰাবাটৰ সুৰ(১৯৫৬)ৰ নিৰ্মাণৰ সৈতে জড়িত থকাৰ উপৰিও ছবিখনৰ নৃত্য পৰিকল্পনা আৰু পৰিচালনা আছিল প্ৰিয়ম হাজৰিকাৰ।চিনেমাখনৰ চিত্ৰনাট্য ভূপেন আৰু প্ৰিয়ম দুয়ো মিলি লিখিছিল। চিনেমাখনৰ ‘সাগৰ সংগমত কতনা সাঁতুৰিলোঁ’ গানটোত নৃত্যও কৰিছিল প্ৰিয়মে। ভূপেন দাৰ সৃষ্টিশীল কামৰো এনেদৰে অংশীদাৰ হৈছিল প্ৰিয়ম। তেওঁলোকৰ আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ ঘটা নাছিল যদিও দুয়ো আঁতৰি দূৰে দূৰে থাকিল। মানুহৰ মাজত ওলাল যে আৰ্থিক টনাটনিৰ বা্বেই ভূপেনৰ সংগ এৰিলে প্ৰিয়মে। আনহাতে কোনো কোনোৱে ক’ব খুজে যে ভূপেন দাৰ অত্যধিক নাৰীপ্ৰীতিৰ প্ৰতি অতীষ্ঠ হৈ খং আৰু ক্ষোভত ভূপেনদাক অকলশৰীয়া কৈ এৰি থৈ আঁতৰি গল প্ৰিয়ম্বদা।

এজনেও এই বিচ্ছেদৰ সম্পৰ্কে কিন্তু মুখ খুলি একো নক’লে। ভূপেন হাজৰিকা অসমত ৰৈ গ’ল আৰু নিজ লক্ষ্য পূৰণৰ উদ্দেশ্যৰে প্ৰিয়ম গুচি গ’ল কানাডালৈ। কোনো এজনে পুনৰ সম্পৰ্কটো ঠিক কৰাৰ বাবে চেষ্টা নকৰিলে। ইয়াৰ আঁৰত আছিল দুয়োৰে ইগ’ প্ৰব্লেম। প্ৰিয়ম্বদা পেটেলে কোনো দিনে দ্বিতীয় বিবাহৰ কথা চিন্তা নকৰিলে। যদিও তেওঁ শাৰীৰিকভাৱে ভূপেনদাৰ কাষৰ পৰা আঁতৰি গৈছিল অন্তৰত কিন্তু কেৱল ভূপেনদাকে ৰাখিছিল। প্ৰিয়মে সদায় নিজৰ চহীটো ‘প্ৰিয়ম ভূপেন হাজৰিকা’ বুলি মাৰিছিল। ইয়াতেই প্ৰমাণ হয় আঁতৰি থাকিলেও ভূপেন দাৰ প্ৰতি প্ৰেম অটুট আছিল প্ৰিয়মৰ। ভূপেন হাজৰিকাইয়েও কেতিয়াও দ্বিতীয় বিবাহৰ কথা চিন্তা নকৰিলে। বিচ্ছেদ ঘটিলেও পতি-পত্নীৰ মৰ্যাদা দুয়ো কেতিয়াও আনক দিব বিচৰা নাছিল। কোনো কোনোৱে কয় যে ‘মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম’ গীতটি ভূপেনদাই প্ৰিয়মৰ বাবেই লিখিছিল। যদিও ভূপেন দাই এই কথা কোনোদিন স্বীকাৰ কৰা নাই তথাপিও অধিকাংশ লোকেই এই গান প্ৰিয়মৰ বাবেই ৰচিত হৈছে বুলি ভাবি আহিছে।

২০১১ চনৰ ৫ নৱেম্বৰত সকলোকে কন্দুৱাই চিৰদিনলৈ গুচি গ’ল গণশিল্পী ভূপেন হাজৰিকা। প্ৰিয় পুৰুষৰ মৃত্যুত বিচলিত হৈ উঠিল প্ৰিয়ম হাজৰিকা। খং, ক্ষোভ, অভিমান সকলো একাশৰীয়া কৰি কানাডাৰ পৰা অসমলৈ ঢপলিয়াই আহিল প্ৰিয়ম। ভূপেন হাজৰিকাৰ স্মৃতি সুঁৱৰি কিছুদিন অসমতে থাকিল প্ৰিয়ম। সকলোৱে বুজি উঠিছিল প্ৰিয়মৰ বাবে ভূপেন হাজৰিকা আজিও সেই প্ৰিয় পুৰুষ। হয়তো কুটিল সময়েহে দুয়ো একেলগে একেখন ঘৰত বাস কৰাটো বিচৰা নাছিল। দুখন আহত হৃদয় কিন্তু একে আৱেগেৰে এক অদৃশ্য বান্ধোনেৰে বান্ধ খাই আছিল। ২০১৫ চনৰ ৩ জুনত ৮৮ বছৰ বয়সত প্ৰিয়মেও চিৰদিনৰ বাবে চকু মুদিলে। ভূপেন-প্ৰিয়ম যদিও কাৰো বাবে আদৰ্শ প্ৰেম নাছিল কিন্তু ক’ৰবাত নহয় ক’ৰবাত যেন তেওঁলোকৰ মাজত থকা প্ৰেম দুয়োৰে নিজৰ বাবে আদৰ্শ আছিল। ভূপেন-প্ৰিয়মে যেন নিজেই নজনাকৈ সমাজক দেখুৱাই গ’ল বিচ্ছেদ ঘটিলেও আমৃত্যু কাৰোবাক বুকুত কঢ়িয়াব পাৰি…। ভূপেনদাই কৈছিল ‘‘মই ভণ্ড প্ৰেমিক নহওঁ৷ প্ৰেমৰ অনুভৱক লৈ মই সদায়েই সৎ আৰু সাহসী৷’’ এনেকৈয়ে অসম্পূৰ্ণ হৈয়ো যেন সম্পূৰ্ণ এই প্ৰেম কাহিনী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular