অসাধ্য সাধন! ৩০ বছৰত অকলে খান্দিলে ৩ কিঃমিঃৰ কেনেল

গয়া : অসাধ্য সাধন কৰি দেখুৱাইছে বিহাৰৰ এজন লোকে। ৩০ বছৰে নেৰানেপেৰা চেষ্টা কৰি লোকজনে ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা কেনেল খান্দি উলিয়াইছে। যাতে পাহাৰীয়া অঞ্চলৰপৰা নামি অহা বৰষুণৰ পানী ধৰি ৰাখিব পৰা যায়। বিহাৰৰ গয়াৰ লাহথুৱা এলেকাৰ কোথিলৱা নামৰ গাঁওখনৰ বাসিন্দা লোংগী ভূইয়া নামৰ লোকজনে এই অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে।

আৰু পঢ়িব পাৰিব:বাগিচাত চাঞ্চল্য : পৰশুৰামৰ কুঠাৰৰ ঘাপত প্ৰাণ গ’ল ভাতৃৰ

‘বৰষুণৰ পানী বোৱাই আনি এটা পুখুৰীত জমা কৰি ৰখাৰ বাবে মই এই নলাটো খান্দি উলিয়াইছোঁ আৰু এই কামৰ বাবে মোক ৩০ বছৰ সময়ৰ প্ৰয়োজন হৈছে। প্ৰতিদিনেই পোহনীয়া পশুক ওচৰৰ হাবিলৈ চৰাবলৈ নিয়াৰ সময়তে মই এই নলাটো খন্দাৰ কাম কৰি গৈছিলোঁ। গাঁৱৰ কোনো লোকেই এই কামত মোক সহায় কৰা নাই। সকলোৱে কাম বিচাৰি চহৰলৈ যায়, আৰু মই অকল নেৰা-নেপেৰাকৈ এই কাম কৰি গৈছিলোঁ।’ গয়া জিলা সদৰৰ পৰা ৮০ কিলোমিটাৰ আঁতৰত অৱস্থিত কোথিলৱা গাঁওখন ডাঠ হাবি আৰু পাহাৰেৰে আবৰা।

আৰু পঢ়িব পাৰিব:‘কাগজকল কৰ্যক্ষম কৰক, জাগীৰোড সমষ্টি বিজেপিক দিম!’

মাওবাদীৰ আশ্ৰয়স্থল হিচাপে পৰিচিত ঠাইখনত লোকসকলে কৃষিকৰ্ম আৰু পশুপালনেৰে জীৱন-জীৱীকা চলায়। অঞ্চলটোত বাৰিষাৰ সময়ছোৱাত পাহাৰৰ পৰা নামি অহা পানী সংৰক্ষণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে লোংগী ভূইয়া নামৰ লোকজনে। তেওঁৰ এই কামক এতিয়া সকলোৱে প্ৰশংসা কৰিছে। কিয়নো এই পদক্ষেপে এতিয়া অঞ্চলবাসী সকলো লোককে উপকৃত কৰিব।

Show More

Related Articles

Back to top button