spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeআঞ্চলিকবাইক আৰোহীক খুন্দিয়াই খাৱৈত বাগৰিল ট্ৰাক: থিতাতে নিহত ১

বাইক আৰোহীক খুন্দিয়াই খাৱৈত বাগৰিল ট্ৰাক: থিতাতে নিহত ১

ডিজিটেল ডেস্ক : ৰাজ্যত পথ সুৰক্ষাৰ ওপৰত প্ৰশাসনে সৰ্তকতামূলক জাননী জাৰি কৰিলেও ঘাইপথৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়ে বহুজনৰ৷ ৰাজ্যত সঘনাই সংঘটিত হয় পথদুৰ্ঘটনা৷ আজি পুৱাৰ ভাগতো দৰং জিলাৰ দলগাঁৱত ভয়ংকৰ পথদুৰ্ঘটনা সংঘটিত হৈছে৷ এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে দলগাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক। দলগাঁৱৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো৷

বাইক আৰোহীক খুন্দিয়াই দ – খাৱৈত বাগৰি পৰে এখন ট্ৰাক৷ ফলত থিতাতে নিহত হয় বাইক আৰোহী আমিৰ হুছেইন নামৰ লোকজন৷ জানিব পৰা মতে, গাঁওৰক্ষী বাহিনীৰ সম্পাদক আছিল হুছেইন৷ তেওঁ দলগাঁৱৰ শ্বাহী নগৰৰ বাসিন্দা আছিল বুলি জানিবলৈ পোৱা গৈছে৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এছ ১৩ বি ৮৪৩৭ নম্বৰৰ বাইকখনৰে হুছেইন দলগাঁৱৰ পৰা খাৰুপেটীয়া অভিমুখে গৈ আছিল৷ আৰু এনে সময়তে খাৰুপেটীয়া পৰা তেজপুৰ অভিমুখে এএছ-০১-এলচি- ৩৫২২নম্বৰৰ ট্ৰাকখনে তীব্র বেগেৰে আহি বাইকখনত খুন্দিয়াই দ-খাৱৈত বাগৰি পৰে। উক্ত ঘটনাত সমগ্ৰ দলগাঁৱতে শোকৰ ছাঁ পৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular