spot_img
24 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিক‘নোৱাৰে এনেকৈ যাব… আহিব তেওঁ…’ অনেকজনৰ আকুল প্ৰাৰ্থনাই মসৃণ কৰিবনে বিক্ৰমজিতৰ ওভতনি...

‘নোৱাৰে এনেকৈ যাব… আহিব তেওঁ…’ অনেকজনৰ আকুল প্ৰাৰ্থনাই মসৃণ কৰিবনে বিক্ৰমজিতৰ ওভতনি বাট?

ডিজিটেল ডেস্ক : অপেক্ষাৰ দীৰ্ঘ দূৰত্ব অতিক্ৰমী এতিয়াও ঘূৰি অহা নাই ডাঃ বিক্ৰমজিৎ বৰুৱা। মাজুলী ফেৰী দুৰ্ঘটনাৰ পাছত তেওঁক লৈ চলিছে ব্যাপক চৰ্চা। এগৰাকী জনদৰদী আৰু জনপ্ৰিয় চিকিৎসক বৰুৱাৰ প্ৰত্যাৱৰ্তনৰ আশাত সকলো স্থিৰ, স্থানু হৈ ৰৈ আছে। পৰিয়াল-পৰিজন, শুভাকাংক্ষী, বন্ধু-বান্ধৱৰ অস্থিৰতা বাঢ়ি গৈ আছে। সকলোৰে আকুল আহ্বানক নেওচি দি তেওঁ এতিয়াও দূৰতে আছে। কিমান দূৰত সেইকথা কোনেও নাজানে। শেহতীয়াকৈ তেওঁৰ পৰিয়ালৰ লোক আৰু বন্ধু-বান্ধৱৰ মুখেৰে নানা নতুন কথা প্ৰকাশ পাইছে। কিমান প্ৰাণৱন্ত আছিল তেওঁ, কিমান কৰ্মমুখী আৰু উদ্যমী আছিল চিকিৎসকগৰাকী। তেওঁৰ সান্নিধ্যলৈ অহা বিভিন্নজনে তেওঁৰ প্ৰাণৱন্ত স্বভাৱৰ কথা প্ৰকাশ কৰিছে। তেওঁৰ উদাৰ আরু বন্ধুত্বপূৰ্ণ স্বভাৱৰ কথা স্মৰণ কৰিছে অকপটে।

ময়ূৰী শৰ্মা গোস্বামীয়ে ‘প্ৰাগ নিউজ’ৰে এটা বাতৰিৰ আঁত ধৰি লিখিছে, ‘সঁচাকৈ তেওঁলৈ বাট চাই আছোঁ। মাত্ৰ দুবছৰ হৈছে ডাঃ বিক্ৰম থকা ফ্লে়টৰ আমি চুবুৰীয়া হোৱা। অহাৰ দুদিনমানৰ পিছতেই বিক্ৰমৰ বাবেই ফ্লেটৰ সকলো আবাসীৰ লগত পৰিচয় ঘটিল। ব’হাগ বিহু, কাতি বিহু, মাঘ বিহুৰ ভোজ, দেৱালী, কিহৰ আয়োজন নকৰে বিক্ৰমে ফ্লেটটোত! যোৰহাটত তেওঁ থকাকেইদিন ফ্লেটটো উৎসৱমুখৰ হৈ থাকে। যোৱাৰ দিনা পৰিৱেশেই কয়, বিক্ৰম মাজুলীলৈ গ’ল বুলি। সঁচাকৈ নোৱাৰে এনেকৈ যাব। নোৱাৰে অৰুণিমা বা আমাক সকলোকে মাত এষাৰ নিদিয়াকৈ গুচি যাব। আহিব সি। দুদিনমান সকলোকে চিন্তাত পেলাই নিশ্চয় সেইটো কথা লৈয়ে কিমান হাঁহিবহি…।’


আন এগৰাকী শুভাকাংক্ষী জুলি দত্তই লিখিছে, ‘ৰৈ আছোঁ বিক্ৰম আহিব বুলি। একেলগেই থাকোঁ আমি, ভগৱানে ভাল খবৰ এটা আনিব বুলি বহু আশাৰে দিনে ৰাতিয়ে অপেক্ষা কৰিছোঁ বিক্ৰমলৈ। সোনকালে আহা বিক্ৰম , আৰু নোৱাৰিছোঁ… বুকুখন বৰকৈ বিষাই গৈছে অ’। ভগৱান তোমাৰ মহিমা অপাৰ, তুমি কৰোঁ বুলি ভাবিলে সকলো সম্ভৱ , চমৎকাৰ কৰা প্ৰভু।’ আনহাতে বিক্ৰমজিৎ বৰুৱাই চিকিৎসা কৰা নিৰিং কবিতা গগৈয়ে তেওঁৰ সান্নিধ্যৰ কথা স্মৰণ কৰি লিখিছে, ‘সচাঁই বহুত দুখ লাগিছে। ছাৰক মই দুবাৰ চিকিৎসাৰ বাবে লগ পাইছিলোঁ। সচাঁই তেওঁ এজন বহুত ভাল ব্যক্তিত্বৰ গৰাকী লোক আছিল। দুদিনৰ বাবে লগ পায়ো তেওঁ মোক নিজৰ ভাইৰ দৰেই ব্যবহাৰ কৰিছিল। ভগৱানৰ ওচৰত পাৰ্থনা জনাইছোঁ তেওঁ যেন সুস্থ শৰীৰে আমাৰ মাজলৈ উভতি আহে।’

কুসুম চাহুৱে চিকিৎসকগৰাকীৰ সান্নিধ্যৰ কথা স্মৰণ কৰি লিখিছে, ‘ভগবানে তেওঁক সুস্থ-সবল শৰীৰে আমাৰ মাজলৈ পুনৰ ঘূৰাই আনিব বুলি আশাৰে বাট চাই ৰলোঁ৷ যতেই লগ পাই ত’তেই মাতষাৰ দিয়ে, খুৰী ভালনে, খুৰী আহি আছোঁ… ইত্যাদি ইত্যাদি৷ JMCH ত থাকোঁতে নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰৰ সৰস্বতী পূজাত বন্ধু-বান্ধৱীৰ লগত আহি সকলোৰে মাজত আনন্দ বিলাই, উপভোগ কৰি গুচি যায়৷ এই স্মৃতিবোৰ সদাই সজীৱ হৈ থাকিব৷ ভগৱানে আমাৰ মাজলৈ তেওঁক ঘূৰাই আনিব বুলি আশা কৰিলোঁ৷’ সমৰজ্যোতি বৰুৱাই তেওঁৰ আন্তৰিকতাৰ কথা স্মৰণ কৰি লিখিছে, ‘আবেলি আহিবি আজি। মই যোৰহাট আহিলোঁ, চেম্বাৰতে থাকিম আবেলি। তেনেকৈয়ে মাতিছিল। আজি আমি মাতি থকাৰ পাছতো তেওঁ ঘূৰি অহা নাই। আপোনাক আমাৰ বহুত প্ৰয়োজন আছে, প্লিজ কাম বেক দাদা…।’

তেওঁৰ সান্নিধ্যলৈ অহা বিভিন্নজন লোকৰ এনে মন্তব্যই তেওঁৰ ব্যক্তিত্বৰ আলোকোজ্জ্বল দিশটো পোহৰলৈ আনিছে। তেওঁৰ ক্ৰীড়া প্ৰেম, তেওঁৰ সাংস্কৃতিক জগতৰ সৈতে থকা অভিন্ন সম্পৰ্কই তেওঁক অতি আকৰ্ষণীয় ব্যক্তি কৰি গঢ়িছিল। খেলুৱৈ হোৱাৰ লগতে তেওঁ সাংস্কৃতিক জগতৰেও জড়িত আছিল আৰু বাদ্যযন্ত্ৰ বজাইছিল বুলিও শেহতীয়াকৈ জানিব পৰা গৈছে।
যোৰহাটৰ পৰা মাজুলীলৈ যোৱাৰ বাটত তেওঁ কান্ধত কঢ়িয়াই নিয়া এটা বেগে তেওঁক পানীৰ তললৈ টানি নিয়া বুলি আশংকা ব্যক্ত কৰিছে একাংশ প্ৰত্যক্ষদৰ্শীয়ে। প্ৰত্যক্ষদৰ্শীয়ে দিয়া বিৱৰণ অনুসৰি দুৰ্ঘটনাৰ পাছত তেওঁ সাঁতুৰি আনখন ফেৰীত উঠাৰ চেষ্টা কৰিছিল যদিও শেষ মুহূৰ্তত তেওঁ তেনে কৰিবলৈ অপাৰগ হয়। হয়তো পিঠিত থকা বেগটো পানীত তিতি অধিক গধুৰ হৈ উঠা বাবেই তেওঁ উঠি আহিব নোৱাৰিলে পানীৰ পৰা। তথাপি যুঁজাৰু মানসিকতাৰ চিকিৎসকগৰাকীয়ে সকলো

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24 ° C
24 °
24 °
98 %
1.2kmh
98 %
Sat
29 °
Sun
30 °
Mon
31 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular