spot_img
24.9 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিক“মাজুলীলৈ আহা, এয়াই আমাৰ অষ্ট্ৰেলিয়া”: কিয় কৈছিল ডা: বিক্ৰমজিতে?

“মাজুলীলৈ আহা, এয়াই আমাৰ অষ্ট্ৰেলিয়া”: কিয় কৈছিল ডা: বিক্ৰমজিতে?

ডিজিটেল ডেস্কঃ “তোমালোক মাজুলীলৈ আহা, এয়াই আমাৰ অষ্ট্ৰেলিয়া! মাজুলীত থাকিলে তুমি অষ্ট্ৰেলিয়াত থকাৰ দৰেই অনুভৱ কৰিবা”। প্ৰায়েই কৈছিল বিক্ৰমজিৎ বৰুৱাই। সিদিনা বিক্ৰমজিৎ বৰুৱাৰ অন্তেষ্টেক্ৰিয়া সমাপন কৰি শ্মশানতেই তেওঁৰ সখিয়েক ভাস্কৰ ভাগৱতীয়ে ক’লে এই কথা।কিন্তু কিয় মাজুলীক অষ্ট্ৰেলিয়াৰে ৰিজাইছিল শোকাৱহ নাও দুৰ্ঘটনাত অকালতে আমাৰ মাজৰ পৰা হেৰাই যোৱা জনদৰদী, জনপ্ৰিয় চিকিৎসক বিক্ৰমজিৎ বৰুৱাই?হয়তো নিজৰ কৰ্মস্থান অৰ্থাৎ মাজুলীক প্ৰাণ ভৰি ভাল পাইছিল বাবেই তেওঁ মাজুলীক ৰিজাইছিল উন্নত ৰাষ্ট্ৰ অষ্ট্ৰেলিয়াৰ সৈতে! হয়তো নদীদ্বীপ মাজুলী আৰু চাৰিওপিনৰ পৰা সাগৰেৰে আবৃত অষ্ট্ৰেলিয়াৰ মাজত ভৌগোলিক বিচাৰেৰেই সাদৃশ্য বিচাৰি পাইছিল তেওঁ! হয়তো শিপাৰ সৈতে নিৰন্তৰ টান অনুভৱ কৰিছিল বাবেই মাজুলীতে বহুতৰ স্বপ্নৰ অষ্ট্ৰেলিয়াখন বিচাৰি পাইছিল তেওঁ! আৰু মাজুলীৰ প্ৰতি থকা এই ভালপোৱা, টানেই তেওঁক দায়বদ্ধ কৰিছিল নদীদ্বীপটোৰ মানুহবোৰৰ প্ৰতি।


মাজুলীৰ অগণিত লোকৰ সৈতে হৃদয়ৰ বান্ধোনেৰে বান্ধ খাই পৰিছিল তেওঁ। সেয়া কেৱল ৰোগী আৰু চিকিৎসকৰ মজৰ নিতান্তই প্ৰফেশ্যনেল সম্পৰ্ক নাছিল। সেয়া আছিল মৰমৰ বান্ধোন।আৰু এই মৰমৰ বান্ধোন আছিল বাবেই আজি মাজুলীৰ ৰাইজে সুঁৱৰিছে তেওঁক।স্মৰণ কৰিছে তেওঁ কোৱা প্ৰতিটো কথা। স্মৰণ কৰিছে তেওঁক আৰু অনুভৱ কৰিছে তেওঁৰ উপস্থিতিক।


নক’লেও চলে,মাজুলীৰ নাও দুৰ্ঘটনাই ৰাজ্যৰ পয়ালগা আভ্যন্তৰীন জল পৰিৱহণ বিভাগটোৰ স্বৰূপ উদঙালে।মুখ্যমন্ত্ৰীয়ে চাৰি বছৰৰ ভিতৰত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিলে। হয়তো দলং হ’ব। কিন্তু এই দলঙখনৰ বাবে প্ৰাণ দিব লগা হ’ল বিক্ৰমজিৎ, পৰিমিতা আৰু ইন্দ্ৰেশ্বৰ বৰাই। এওঁলোক প্ৰত্যেকেই আছিল মাজুলীক নিস্বাৰ্থ ভাবে ভাল পোৱা মানুহ। মাজুলীক ভাল পাইছিল বাবেই বিক্ৰমজিৎ বৰুৱাই কৰ্তব্যত হেলা নকৰি দুৰ্গম যাতায়ত ব্যৱস্থা আৰু অনেক সমস্যাত ভাৰাক্ৰান্ত নদীদ্বীপটোলৈ ঢাপলি মেলিছিল। অন্যথা সুচল স্থানত নিজৰ পোষ্টিঙৰ বাবে চা-চিনাকিৰ জখলা বগোৱা,টেবুলৰ তলৰে টকাৰ লেনদেন কৰা চিকিৎসকৰো অভাৱ নাই।

বিক্ৰমজিৎ বৰুৱাৰ দৰে মানুহ এইক্ষেত্ৰত ব্যতিক্ৰম। তেওঁলোকৰ দৰে কৰ্তব্যপৰায়ণ লোকে নিজৰ কৰ্মস্থানতে বিচাৰি লয় পৃথিবীৰ সবাতোকৈ ধুনীয়া ঠাইখন। সেইবাবেইতো বিক্ৰমজিতে মাজুলীতেই বিচাৰি উলিয়াইছিল সুদূৰৰ অষ্ট্ৰেলিয়া! সঁচাকৈয়ে এই ভালপোৱা , এই অনুৰাগ বিৰল। সেইবাবে বিৰল ডা: বিক্ৰমজিৎ বৰুৱাৰ দৰে লোক। সেইবাবেই সময়ৰ বালিত হেৰাই নাযায় বিক্ৰমজিৎ। সেইবাবেই আজিও বিক্ৰমজিতৰ শোকত উচুপে মাজুলী। এয়াই বিক্ৰমজিতৰ প্ৰাপ্তি। আৰু মাজুলীবাসীৰো প্ৰাপ্তি এয়াই যে – – – তেওঁলোকে পাইছিল বিক্ৰমজিতক!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
few clouds
24.9 ° C
24.9 °
24.9 °
95 %
1.4kmh
23 %
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular