Google search engine
28 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeব্ৰেকিং নিউজহাত-ভৰি বন্ধা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ গাঁও পঞ্চায়তৰ সভাপতি !

হাত-ভৰি বন্ধা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ গাঁও পঞ্চায়তৰ সভাপতি !

বিলাসীপাৰা : অৱশেষত হাত-ভৰি বন্ধা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হ’ল বিলাসীপাৰাৰ ডুবাচুৰী গাঁও পঞ্চায়তৰ সভাপতি আমিনুল হক। শুকুৰবাৰে দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল সভাপতি হক। আজি খোৰাঘাট বন বিভাগে টহল দি থকা অৱস্থাত টিপকাই বন জংগলত প্ৰত্যক্ষ কৰে আমিনুল হকক।

আৰু পঢ়িব পাৰিব : সোণোৱাল চৰকাৰৰ প্ৰথম কাৰ্যকালৰ অন্তিম অধিৱেশনত বিজেপিৰ জয়গান

বগৰীবাৰী আৰক্ষীয়ে টিপকাই বন জংঘলৰ মাজত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰে সভাপতি আমিনুল হকক। পাছত সভাপতিগৰাকীক উদ্ধাৰ কৰি বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসা কৰি বিলাসীপাৰা আৰক্ষীক গটাই দিয়ে বগৰীবাৰী আৰক্ষীয়ে। সম্প্ৰতি বিলাসীপাৰা আৰক্ষীয়ে উদ্ধাৰ কৰি নিজৰ জিম্মাত ৰাখিছে হকক।

আৰু পঢ়িব পাৰিব : শিল্পী, কলা-কুশলীক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য চৰকাৰৰ…

উল্লেখ্য যে পঞ্চায়তখনৰ এটা পথ নিৰ্মাণক লৈ সভাপতি-সদস্যসকলৰ মাজত তীব্ৰ মনোমালিন্য চলি থকাৰ মাজতেই সন্ধানহীন হৈ পৰিছিল সভাপতি আমিনুল হক। পঞ্চায়তখনৰ সদস্যসকলে অপহৰণ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। কিন্তু কি কাৰণত অপহৰণ হৈছিল আমিনুল হক, এয়া আৰক্ষী তদন্ততহে ওলাই পৰিব।

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Fri
28 °
Sat
27 °
Sun
30 °
Mon
32 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular