spot_img
27 C
Guwahati
27 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeক্ৰীড়াসলনি হ’ল ভাৰতৰ জাৰ্ছী, 'বিলিয়ন চিয়ৰ্ছ জাৰ্ছী' কিহত পৃথক?

সলনি হ’ল ভাৰতৰ জাৰ্ছী, ‘বিলিয়ন চিয়ৰ্ছ জাৰ্ছী’ কিহত পৃথক?

নতুন দিল্লীঃ জাৰ্ছী সলনি হ’ল ভাৰতীয় ক্ৰিকেট দলৰ। আইচিচি টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ খেলুৱৈ সকলক নতুন ৰূপত দেখিবলৈ পোৱা যাব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাত্‍ বিচিচিআই-এ আজি টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ নতুন জাৰ্ছী মুকলি কৰিছে। উল্লেখ্য যে, টি-২০ বিশ্বকাপ ১৭ অক্টোবৰৰ পৰা ওমান আৰু ইউএইত অনুষ্ঠিত হ’ব। পূৰ্বৰ ঘোষণা অনুযায়ী বিচিচিআই-এ ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্ছী আজি মুকলি কৰিছে।

ভাৰতীয় দলে লাভ কৰা নতুন জাৰ্ছীটো পুৰণি জাৰ্ছীতকৈ অলপ পৃথক। ভাৰতে এতিয়ালৈকে পিন্ধি থকা জাৰ্ছীটো গাঢ় নীলা ৰঙৰ আছিল। নতুন জাৰ্ছীটোও একে ৰঙৰ, কিন্তু নতুন ডিজাইনেৰে ধুনীয়াকৈ সজাই তোলা হৈছে ইয়াক। ইয়াৰ মাজত এটা পাতল নীলা ৰঙৰ পটিও আছে। পুৰণি জাৰ্ছীৰ কান্ধত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা প্ৰতীকী ৰূপত আছিল। কিন্তু নতুন জাৰ্ছীৰ কান্ধত কোনো ডিজাইন নাই। নতুন জাৰ্ছীৰ ছবি বিচিচিআই-এ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। নতুন কিটটোৰ নাম দিয়া হৈছে ‘বিলিয়ন ছিয়ৰ্ছ জাৰ্ছী’। বিচিচিআই-এ সামাজিক মাধ্যমত ছবিখন শ্বেয়াৰ কৰিছে। বিচিচিআই-এ এক টুইট যোগে কয়, ‘জাৰ্ছীৰ আৰ্হি কোটি কোটি অনুৰাগীয়ে আকোঁৱালি লৈছে।’ ইয়াৰোপৰি, এমপিএল স্পৰ্টছেও ইনষ্টাগ্ৰামত নতুন জাৰ্ছীৰ এখন ফটো শ্বেয়াৰ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular