spot_img
27 C
Guwahati
27 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকবিনীতা বৰা দেৱচৌধুৰীয়ে গ্ৰহণ কৰিলে ‘পুষ্পাদেৱী জালান সাহিত্য বঁটা’

বিনীতা বৰা দেৱচৌধুৰীয়ে গ্ৰহণ কৰিলে ‘পুষ্পাদেৱী জালান সাহিত্য বঁটা’

ডিজিটেল ডেস্কঃ ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ মাহেকীয়া আলোচনী ‘বার্তাপখিলী’ৰ উদ্যোগত ‘পুষ্পাদেৱী জালান সাহিত্য বঁটা’ প্ৰদান কৰা হ’ল বিশিষ্ট লেখিকা বিনীতা বৰা দেৱচৌধুৰীক। পাঠশালাৰ আৱাহনৰ বাকৰিত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ল লেখিকা বিনীতা বৰা দেৱচৌধুৰীক। অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা বিনীতা বৰা দেৱচৌধুৰীয়ে এই বঁটা গ্ৰহণ কৰি ব্যক্ত কৰিলে নিজৰ মনৰ কথা।

এই বঁটা লাভ কৰি তেওঁ যথেষ্ট সুখী, নিজৰ ঠাই পাঠশালাত এই বঁটা গ্ৰহণ কৰি তেওঁ যথেষ্ট আনন্দিত। ‘পুষ্পাদেৱী জালান বঁটা’ত বিনীতা বৰা দেৱচৌধুৰীলৈ আগবঢ়োৱা হয় এখন মান-পত্ৰ, গ্ৰন্থৰ টোপোলা, এটা প্ৰতীক-পট আৰু ২১,০০০ টকা নগদ ধন। এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰী, বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকৰ, সাহিত্যিক ময়ূৰ বৰা, গোপাল জালান, ব্ৰজেন ডেকা, আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়ৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular