এন বীৰেন সিং সুৰক্ষিত : আস্থাৰ ভোটত বিজয়ী মণিপুৰৰ বিজেপি চৰকাৰ

ইম্ফল : মণিপুৰৰ বিধানসভাৰ আস্থাভোটত বিজয়ী হৈ পুনৰ ক্ষমতাত থাকিবলৈ সক্ষম হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰ। আস্থাভোটৰ সহায়ত শাসকীয় বিজেপি চৰকাৰখনে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সক্ষম হয়৷ সোমবাৰে অনুষ্ঠিত হৈ যায় এই আস্থাভোটৰ প্ৰক্ৰিয়া৷

আৰু পঢ়িব পাৰিব: ঐতিহাসিক গৌৰীসাগৰ পুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ নামত অনিয়মৰ অভিযোগ


জানিব পৰা মতে, মণিপুৰ বিধানসভাত আস্থাভোটৰ সময়ত অধ্যক্ষ আৰু উপাধ্যক্ষসহ বিজেপিৰ ২৮জন বিধায়ক উপস্থিত থাকে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান বিৰোধী দলপতি ওক্ৰাম ইবোবি সিঙৰ নেতৃত্বত ২৪জন বিৰোধী বিধায়কৰ ভিতৰত ১৬জন উপস্থিত থাকে।

আৰু পঢ়িব পাৰিব: জুবিন মন্ত্ৰীৰ ওচৰলৈ নহয়, মন্ত্ৰীহে জুবিনৰ ওচৰলৈ আহিব লাগে: অজিত ভূঞা

উল্লেখ্য যে মণিপুৰ বিধানসভাত বিধিভংগৰ অভিযোগত ৪জন বিধায়কৰ বিধায়ক পদ খাৰিজ কৰাৰ লগতে আন ৩জন বিজেপি বিধায়কে পদত্যাগ কৰাৰ পাছত ৬০জনীয়া বিধানসভাত সদস্যৰ সংখ্যা ৫৩জনলৈ হ্ৰাস পায়। যোৱা ২৮জুলাইত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে কংগ্ৰেছে অনাস্থা প্ৰস্তাৱ আনিছিল।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES