spot_img
16 C
Guwahati
16 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকআজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি! হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি! হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্য

ডিজিটেল ডেস্কঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি। নামঘৰে নামঘৰে সৰ্বগুণাকৰ শংকৰদেৱক স্মৰণ কৰিছে ৰাজ্যবাসীয়ে। বৰ্তমানৰ নগাঁও জিলাৰ বৰদোৱাৰ প্ৰায় ৮ মাইল দূৰত অৱস্থিত আলিপুখুৰী নামে ঠাইত ১৩৭১ শকৰ (১৪৪৯ খ্ৰীষ্টাব্দ) আহিন-কাতি মাহত শংকৰদেৱে জন্মগ্ৰহণ কৰিছিল।

অসমীয়া সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ, অৱতাৰী পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি শুকুৰবাৰে ৫৭৩ সংখ্যক আৱিৰ্ভাৱ তিথি পালন কৰিছে ৰাজ্যবাসীয়ে৷ ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ অসমৰ ৰাইজে কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ গুণানুকীৰ্তন। নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত কৰিছিল শংকৰদেৱে৷ জগতগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ আবিৰ্ভাৱ তিথি পালনৰ বাবে ৰাইজ ওলাই আহিছে নামঘৰলৈ। উদুলি-মুদুলি আজি নামঘৰৰ পদূলি। শংকৰদেৱৰ অমৰ সৃষ্টিৰাজি আৰু মহৎ অৱদানেৰে অসমীয়া জাতি চহকী হৈ আছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেৱল এগৰাকী ধৰ্ম প্ৰচাৰকেই নাছিল। একেধাৰে সমাজ সংগঠক, নাট্যকাৰ, অভিনেতা, চিত্ৰশিল্পী, নৃত্যশিল্পী, গীতিকাৰ, সুৰকাৰ তথা সৰ্ব গুণৰ আকৰ আছিল শ্ৰীমন্ত শংকৰদেৱ। আজি গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে পুৱাৰে পৰা নামঘৰসমুহত হৰিনামৰ ধ্বনি উঠিছে। হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ যাত্ৰীয়ে বন্তিচাকি-শৰাই নৈবেদ্য আগবঢ়াই নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে গুৰুজনাৰ শ্ৰীচৰণত সেৱা নিবেদন কৰি হৰি-নাম-কীৰ্তণৰ অমৃত ধ্বনিৰে মুখৰিত কৰি ৰাখিব সত্ৰ-নামঘৰসমূহ৷ শুনিবলৈ পোৱা গৈছে খোল-তাল, ডবা শংখৰ মধুৰ ধ্বনি।

ভক্তি আন্দোলনৰ সূচনা কৰি অন্ধবিশ্বাস,কু-সংস্কাৰ আঁতৰ কৰি এখন সুস্থিৰ সমাজ গঠন কৰাত প্ৰধান হোতা গুৰুজনাক হৰিনাম কীৰ্তনেৰে ভক্তপ্ৰাণ ৰাইজে সোঁৱৰণ কৰিছে ৰাজ্যজুৰি। প্ৰাগ নিউজৰ ফালৰ পৰাও শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথিত জনাইছোঁ সেৱা আৰু সশ্ৰদ্ধ প্ৰণিপাত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular