Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeব্ৰেকিং নিউজঅধিবক্তাৰ হাতত ঝাড়ু : ৮বছৰে চাফা কৰি আহিছে পথ

অধিবক্তাৰ হাতত ঝাড়ু : ৮বছৰে চাফা কৰি আহিছে পথ

বিশ্বনাথ : বিশ্বনাথৰ এজন বিশেষ ব্যক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পুৱাই হাতত ঝাড়ু লৈ চাফা কৰিবৰ বাবে ওলাই আহে বিশ্বনাথৰ বিভিন্ন স্থানত। যি সময়ত স্বচ্ছতাৰ নামত চৰকাৰে বিভিন্ন আঁচনি আৰু পৰিকল্পনা হাতত লৈছে, সেই সময়ত এই ব্যক্তিগৰাকীয়ে ২০১২ চনৰেপৰা নিৰৱিছিন্নভাৱে জিলাখনক স্বচ্ছ ৰাখিবলৈ প্ৰয়াস কৰি আহিছে।

আৰু পঢ়িব পাৰিব : বিজেপিলৈ ‘মেট্ৰ’ মেন’ শ্ৰীধৰণ, কেৰালাত বিজেপিৰ ‘বিজয় যাত্ৰা’

এই ব্যক্তিজন হৈছে বিশ্বনাথ চাৰিআলিৰ বামগাঁও নিবাসী কুমুদ বৰুৱা। পেছাত তেঁও এজন অধিবক্তা। স্বচ্ছতাই নহয় বিশ্বনাথৰ বিভিন্ন স্থানত গছপুলিও ৰোপন কৰি পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰি আহিছে। আজি পুৱা হাতত ঝাড়ু লৈ বিশ্বনাথৰ উত্তৰ মৰলগাঁৱৰ ৰাইজৰ সহযোগত বিশ্বনাথ মহাবিদ্যালয়ৰ সন্মুখত চাফাই অভিযানত নামি পৰে।

আৰু পঢ়িব পাৰিব : ১৬.২৫ কোটি : আইপিএলৰ নিলামত ক্ৰিছ ম’ৰিছৰ চমৎকাৰ

ইপিনে চৰকাৰলৈ তেঁওৰ আহ্বান বেনাৰ-পোষ্টাৰত কোটি কোটি টকা খৰচ কৰি থকাতকৈ এনে এটা অনুষ্ঠান গঢ়ি তোল, যি অনুষ্ঠানে নিস্বাৰ্থভাৱে স্বচ্ছতাৰ কাম কৰিব আৰু সেয়াই হ’ব প্ৰকৃত বেনাৰ-পোষ্টাৰ।

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
1.5kmh
75 %
Thu
28 °
Fri
29 °
Sat
28 °
Sun
29 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular