Google search engine
34 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeআঞ্চলিকবিজেপি মিত্ৰজোঁটৰ আসন বুজাবুজি : আজি দিল্লীত চূড়ান্ত সিদ্ধান্ত!

বিজেপি মিত্ৰজোঁটৰ আসন বুজাবুজি : আজি দিল্লীত চূড়ান্ত সিদ্ধান্ত!

গুৱাহাটী : সমাগত নিৰ্বাচনক লৈ উঠি-পৰি লাগিছে বিজেপি মিত্ৰজোঁট৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থীত্বক লৈ অনুষ্ঠিত হৈছে ইখনৰ পাছত সিখনকৈ বৈঠক৷ আজি অতুল বৰাৰ দিছপুৰৰ বাসগৃহত অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে পুনৰ বৈঠকত মিলিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

আৰু পঢ়িব পাৰিব : আকৌ অসমলৈ আহিব মোদী ! বিজেপিৰ প্ৰস্তুতি আৰম্ভ

হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত উপস্থিত আছে মন্ত্রী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, উৎপল দত্ত তথা অগপৰ আন শীৰ্ষ নেতৃত্ব৷ অগপ-ইউপিপিএলৰ সৈতে আসন বুজাবুজি সম্পৰ্কীয় আলোচনা ৯৯% সফল হোৱা বুলি জানিব পৰা গৈছে৷ আজি সন্ধিয়া ৫ বজাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে মিত্ৰদলৰে আসন বুজাবুজি সম্পৰ্কীয় চূড়ান্ত বৈঠক অনুষ্ঠিত হ’ব।

আৰু পঢ়িব পাৰিব : পূৰ্বৰ নিৰ্বাচনত নথকা বিশেষ পোষ্টেল বেলেট ব্যৱস্থা গ্ৰহণ ৰাজ্যিক নিৰ্বাচন আয়োগৰ

আনহাতে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে সন্ধিয়া ৭ বজাত নিৰ্বাচনী কৌশল সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হ’ব৷ আজি দিনৰ ১ বজাত দিল্লীলৈ ৰাওনা হ’ব বিজেপি আৰু অগপৰ নেতৃত্ব৷ বিজেপিৰ হৈ দিল্লীলৈ যাব মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, মন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস, ফণী শৰ্মা, দিলীপ শইকীয়া আৰু অজয় জামাল৷ এইবাৰ নিৰ্বাচনত মহিলা প্ৰার্থীক অগ্রাধিকাৰ দিয়া হ’ব বুলি জানিব পৰা গৈছে৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
34 ° C
34 °
34 °
59 %
0kmh
75 %
Mon
32 °
Tue
29 °
Wed
34 °
Thu
32 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular