spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeৰাষ্ট্ৰীয়বিজেপিত অথন্তৰ: অমিত শ্বাহক উভতি ধৰিলে নগালেণ্ডৰ বিজেপি নেতাই

বিজেপিত অথন্তৰ: অমিত শ্বাহক উভতি ধৰিলে নগালেণ্ডৰ বিজেপি নেতাই

ডিজিটেল ডেস্ক: নগালেণ্ড কাণ্ডক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত কৰা মন্তব্যক উভতি ধৰিছে স্বয়ং বিজেপি নেতাই৷ অমিত শ্বাহৰ মন্তব্য মিছা বুলি মন্তব্য কৰিছে নগালেণ্ডৰ মন জিলাৰ বিজেপি সভাপতি নিয়াৱাং কোনিয়াকে৷ নিয়াৱাং কোনিয়াকে নগালেণ্ডৰ ঘটনা সংক্ৰান্তত অমিত শ্বাহৰ যুক্তিক নিন্দা কৰিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ভুক্তভোগীসকলৰ বিপৰীতে কিয় গৈছিল বুলি প্ৰশ্ন মন জিলা বিজেপি সভাপতিজনৰ৷

লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত বিশেষ বাহিনীয়ে ৪ ডিচেম্বৰৰ সন্ধিয়া সাধাৰণ লোকৰ ওপৰত গুলীচালনা কৰাৰ কাৰণ হিচাপে কৈছিল যে বাহনখনক ৰ’বলৈ ইংগিত দিয়া হৈছিল কিন্তু পলাই যাবলৈ চেষ্টা কৰিছিল। যাৰ বাবে পৰিচয় নজনাৰ বাবে গুলীচালনা কৰিছিল জোৱানসকলে৷ আনহাতে, অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্ৰহণ কৰা এজন ভুক্তভোগীয়ে ৭ ডিচেম্বৰৰ সন্ধিয়া এখন ৰাষ্ট্ৰীয় সংবাদপত্ৰক দিয়া মন্তব্যই ঘটনাক অন্য মোৰ দিয়া পৰিলক্ষিত হৈছে৷ চিকিৎসাধীন ভুক্তভোগীগৰাকীয়ে কৰা মন্তব্য অনুসৰি তেওঁলোকক ৰ’বলৈ ইংগিত দিয়া হোৱা নাছিল। বৰং পোনপটীয়াকৈ হত্যা কৰিছিল বুলিহে ভুক্তভোগীজনে এক চাঞ্চল্যকৰ মন্তব্য কৰিছে৷

সংসদত শ্বাহৰ বক্তব্যৰ এদিন পাছতে বিজেপি নগালেণ্ডৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ ৱাটছএপ গ্ৰুপত দলৰ নেতাসকলৰ মাজত হতাশা স্পষ্ট হৈ পৰিছিল। দলৰ এজন সদস্য যিয়ে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ বিৰুদ্ধে জোৰদাৰভাৱে কথা পাতিছিল বুলি জানিব পৰা গৈছে৷ তেওঁ আছিল মন জিলাৰ বিজেপিৰ জিলা সভাপতি নিয়াৱাং কোনিয়াক। কোনিয়াকে স্পষ্টভাৱে অমিত শ্বাহে তেওঁলোকে চেক গেটত ৰৈ পলাই যাবলৈ চেষ্টা কৰা বুলি দিয়া মন্তব্যটো মিছা আছিল বুলি উল্লেখ কৰে৷ লগতে, ভুক্তভোগীৰ পৰিয়ালৰ ঘৰলৈ ৰাজ্যখনৰ কোনো বিজেপি নেতা নোযোৱাৰ বাবেও জিলা সভাপতিজনে খেদ প্ৰকাশ কৰে৷

আনহাতে, সংবাদ মাধ্যমৰ সন্মুখত নাম প্ৰকাশত অনিচ্ছুক আন এজন নগালেণ্ড বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেতাক অমিত শ্বাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়াৰ বিষয়ে সোধাত তেওঁ কয়, ‘‘যিসময়ত জনসাধাৰণৰ ভাবনা শক্তিশালী আৰু নিৰ্মমভাৱে নিহত হোৱা নিৰস্ত্ৰ নাগৰিকসকলৰ সমৰ্থনত আছে, সেইসময়ত আমাৰ কেন্দ্ৰীয় নেতাক এনেদৰে দেখা গৈছিল যেন সেই কাৰ্যক ন্যায়সংগত কৰিবলৈহে চেষ্টা কৰি আছে। মানুহে ইয়াক টিভিত দেখিছে। নিয়াৱাঙে ঠিকেই কৈছে। এনে কথোপকথনৰ বাবে, আমি এতিয়া জনসাধাৰণৰ অনুভূতিৰ সৈতে বিসদৃশ হৈ পৰিছোঁ ; আমি এই সময়ত ৰাইজৰ ওচৰলৈও যাব নোৱাৰো অথচ বিৰোধী পক্ষই তেওঁলোকৰ ওচৰলৈ গৈ আছে। এইটো দলৰ বাবে ভাল নহয়।’’

ৰাজ্যিক নেতাগৰাকী আৰু জিলা সভাপতিগৰাকীৰ এই প্ৰতিক্ৰিয়াৰ পাছত এতিয়া এটা কথা স্পষ্ট হৈছে যে নগালেণ্ডৰ ঘটনাটোৰ পাছত ৰাজ্যখনৰ বিজেপিৰ ভিতৰচ’ৰাত এক অসন্তুষ্টিৰ বাতাবৰণে ক্ৰিয়া কৰিছে৷ পৰৱৰ্তী সময়ত, নেতাসকলৰ এই অসন্তুষ্টি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক উভতি ধৰা কাৰ্যই কি ৰূপ লয়, সেয়া সময়ত লক্ষ্যণীয় হ’ব৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular