Google search engine
27 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeআঞ্চলিকবিভ্ৰান্তিকৰ বিজ্ঞাপন : বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষত কংগ্ৰেছ

বিভ্ৰান্তিকৰ বিজ্ঞাপন : বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষত কংগ্ৰেছ

গুৱাহাটী : কাকতত হেডলাইনৰ দৰে ওলোৱা বিজ্ঞাপন সন্দৰ্ভত নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিছে অসম প্ৰদেশ কংগ্ৰেছ দলে৷ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ কংগ্ৰেছৰ৷ মিছা বিজ্ঞাপন দি ৰাইজক বিপথে পৰিচালিত কৰিবলৈ বিজেপিয়ে চেষ্টা কৰা বুলি অভিযোগ কৰিছে দলটোৱে৷

আৰু পঢ়িব পাৰিব : পুনৰ মাধমাৰ! বৃদ্ধি পালে টোলগেটৰ কৰৰ নিৰিখ

‘ভোটাৰৰ সৈতে ধেমালি কৰিছে বিজেপিয়ে৷ ধেমালি কৰাৰ অধিকাৰ সকলোৰে আছে৷ কিন্তু বিজ্ঞাপনটোৰ তলত লিখি দিব লাগিছিল যে বেয়া নাপাব হোলীৰ দিন৷’ – এই কথা সংবাদমেলত প্ৰকাশ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মূখপাত্ৰ গৌৰৱ বল্লভে৷ মুখ্য নিৰ্বাচনী বিষয়াই এই বিজ্ঞাপনটো চাব লাগিছিল বুলি সংবাদমেলত তেওঁ লগতে কয়৷

আৰু পঢ়িব পাৰিব : ক্ষোভৰ উদগীৰণ! প্ৰতিবাদী কৃষকৰ হাতত প্ৰহৃত বিজেপি বিধায়ক

আটাইকেইখন বাতৰি কাকতৰ নাম উল্লেখ কৰি নিৰ্বাচনী আচৰণ বিধি ভংগৰ লিখিত অভিযোগ কংগ্ৰেছে দাখিল কৰিছে দেশৰ নিৰ্বাচন আয়োগত৷ যদি এয়া বিজ্ঞাপন নহয় তেন্তে এয়া এক বাতৰিৰ হেডলাইন৷ এনেধৰণৰ বাতৰি প্ৰকাশ কৰাত বাধা আৰোপ কৰিবলৈ কংগ্ৰেছে আহ্বান জনায় দেশৰ নিৰ্বাচন আয়োগক৷ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰপেক্ষতাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছ দলে৷ বিজেপিক ৰাজ্যিক নিৰ্বাচন আয়োগে সহায় কৰিব পাৰে বুলিও দলটোৱে সন্দেহ প্ৰাশ কৰিছে। সংবাদমেলত এই কথা প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ আইন কোষৰ অধ্যক্ষ নিৰেন বৰাই৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
94 %
0kmh
75 %
Sun
28 °
Mon
30 °
Tue
29 °
Wed
31 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular