spot_img
27 C
Guwahati
Friday, September 24, 2021
spot_img
Homeৰাজনৈতিকবিজেপি পৰিৱৰ্তনশীল চৰকাৰনে মূল্যবৃদ্ধিৰ চৰকাৰ?

বিজেপি পৰিৱৰ্তনশীল চৰকাৰনে মূল্যবৃদ্ধিৰ চৰকাৰ?

গুৱাহাটী : কেবিনেটৰ সিদ্ধান্ত অনুসৰি যেতিয়াই আন্তঃজিলা খোলা হ’ব, তেতিয়াৰেপৰাই বাছৰ ভাৰা বৃদ্ধি হ’ব ৫০ শতাংশ৷ পুনৰবাৰ সাধাৰণ জনতাৰ ওপৰত মাধমা শোধাইছে বিজেপিৰ নেতৃত্বাধীন চৰকাৰে৷ দুগুন ভাৰা পৰিশোধ কৰিব লাগিব খাঁটিখোৱা জনতাই৷ নিৰ্বাচনৰ আগত বৰ্তমান নেতৃত্বাধীন চৰকাৰখনে জনতাৰ হকে কাম কৰিব বুলি মন্তব্য কৰিছিল৷ কিন্তু সময়ত ইয়াৰ বিপৰীত ছবি পৰিলক্ষিত হ’ল৷

এই দুগুন ভাৰা যাত্ৰীয়ে পৰিশোধ কৰিব নে নকৰে সেয়া লৈ উদয় হৈছে নতুন প্ৰশ্নৰ৷ ‘প্ৰাগ নিউজ’ৰ সাংবাদিকে এই সন্দৰ্ভত যাত্ৰীক কৰা প্ৰশ্নৰ উত্তৰত নানান মন্তব্য আগবঢ়ায় যাত্ৰীয়ে৷ কাৰোবাৰ মতে যদি দাম বৃদ্ধি কৰাটো চৰকাৰৰ ভুল সিদ্ধান্ত৷ আন কাৰোবাৰ মতে আকৌ চৰকাৰৰ হাতত অন্য পন্থা নাই৷ আন কোনোবাই আকৌ ক্ষুব্ধ হৈ কয়, ‘বিজেপি চৰকাৰে সাধাৰণ জনতাৰ চৰকায় নহয়৷

খাঁটি খোৱা জনতাক সকলো ফালৰ পৰা জটিলত পেলাইছে৷’ চৰকাৰৰ পৰিৱৰ্তনশীন নীতিতনে মূল্য বৃদ্ধিৰ নীতি চৰকাৰে অৱলম্বন কৰিছে বুলি প্ৰশ্ন কৰে বহুতেই৷ আন্তঃজিলাৰ যাতায়াত ব্যৱস্থা খোলাৰ পাছতহে চৰকাৰৰ পদক্ষেপ লক্ষ্যণীয় হ’ব৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
27 ° C
27 °
27 °
89 %
0kmh
75 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular