বিজেপিত পুনৰ যোগদান গায়ক-পৰিচালকৰ তথা ব্যৱসায়ীৰ

গুৱাহাটী : বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইজনৰ পাছত সিজনকৈ লোকে যোগদান কৰিছে ৰাজনৈতিক দলসমূহত৷ ‘ভাৰতীয় জনতা পাৰ্টী’ত একাংশ গায়ক-অভিনেতাই যোগদান কৰাৰ পাছতে আজি পুনৰ ১১ গৰাকী শিল্পী তথা সাংস্কৃতিক কৰ্মীয়ে যোগদান কৰে বিজেপিত।

আৰু পঢ়িব পাৰিব: বঙাইগাঁও প্ৰেছ ক্লাবত হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল

গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে এই যোগদান কাৰ্যসূচী। বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত বিজেপিত যোগ দিয়ে সংগীতশিল্পী কল্লোল বৰঠাকুৰ, পৰিচালক বিমান বৰুৱা, শব্দযন্ত্ৰী জয়ন্ত কুমাৰ শৰ্মা, বনজিৎ শৰ্মা, কৌশিক শৰ্মাকে ধৰি ৯ গৰাকী শিল্পী আৰু ২ গৰাকী ব্যৱসায়ীয়ে৷

আৰু পঢ়িব পাৰিব: এইবাৰ অন্নদাতা কৃষকক ‘সন্ত্ৰাসবাদী’ আখ্যা কংগনা ৰানাৱটৰ

ইতিমধ্যে ৰাজ্যত শিল্পীৰ ৰাজনৈতিক দললৈ গমন কৰাক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ বিজেপিত যোগদান অনুষ্ঠানত উপস্থিত আছিল যতীন বৰা, বিদ্যাসাগৰকে ধৰি বহুকেইজন নেতা-কৰ্মী৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES