spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকহাউলীত উদ্ধাৰ ব্যৱসায়ীৰ মৃতদেহ, কিদৰে সংঘটিত হ’ল হত্যাকাণ্ড?

হাউলীত উদ্ধাৰ ব্যৱসায়ীৰ মৃতদেহ, কিদৰে সংঘটিত হ’ল হত্যাকাণ্ড?

বৰপেটাৰোডঃ বৰপেটাৰ হাউলীত ৰহস্যজনক অৱস্থাত ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ হয়৷ নিহত লোকজন হাউলীৰ যোগীৰপাম গাঁৱৰ ব্যৱসায়ী মনোৱাৰ হুছেইন বুলি আমালৈ খবৰ আহিছে।

পৰিয়ালৰ ভাষ্য অনুসৰি, দেওবাৰে নিশা কোনো অচিনাক্ত লোকে হাউলীৰ বিএইচ কলেজৰ সন্মুখলৈ কামৰ বাবে মাতি নিছিল ব্যৱসায়ীগৰাকীক।
তাৰ পাছৰেপৰা মোবাইল বন্ধ হৈ পৰে লোকজনৰ৷ ইয়াৰ পাছতে নিশা প্ৰায় ১১ বজাত ৰহস্যজনকভাৱে হাউলীৰ সমীপৰ বগাইজান পাৰাৰ পথৰ কাষৰ এগৰাকী লোকৰ পুখুৰীৰ পাৰত দুৰ্ঘটনাগ্ৰস্থ অৱস্থাত গাড়ীৰ ভিতৰত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ। ইপিনে গাড়ীখনত থকা সামান্য ক্ষতিৰ পৰা লোকজন দুৰ্ঘটনাত মৃত্যু হোৱা বুলি মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে৷ ‘পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড’- বুলি দাবী কৰি হাউলী থানাত এখন এজাহাৰ দাখিল কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular