spot_img
27 C
Guwahati
27 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকগোলাঘাটৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ, দুৰ্ঘটনা নে হত্যাকাণ্ড?

গোলাঘাটৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ, দুৰ্ঘটনা নে হত্যাকাণ্ড?

গোলাঘাটঃ গোলাঘাটৰ বেঙেনাখোৱাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বেঙেনাখোৱা ৰে’ল লাইনৰ কাষৰপৰা উদ্ধাৰ হৈছে গুঠু বাউৰী(১৮) নামৰ এজন যুৱকৰ মৃতদেহ। উদ্ধাৰ হোৱা যুৱকজন কালি নিশাৰপৰা সন্ধানহীন হৈ থকাৰ পাছত আজি পুৱা বেঙেনাখোৱা ৰে’ল লাইনৰ কাষত মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

প্ৰথমে যুৱকজনৰ ৰে’লৰ খুন্দাত মৃত্যু হোৱা বুলি ভাবিছিল স্থানীয় লোকসকলে। পিছে মুখ আৰু শৰীৰত আঘাতৰ চিন প্ৰত্যক্ষ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে। বন্ধুৰ সৈতে সদায় থকা গুঠুৰ মৃত্যুৰ পাছত কিন্তু বন্ধুসকলে খবৰ ল’বলৈয়ো উপস্থিত নোহোৱাত সন্দেহৰ ওমান পাইছে পৰিয়ালৰ লোকে।

মৃত গুঠু বাউৰীৰ ঘৰ গোলাঘাটৰ ‘ল-কলেজ ৰোড’ত। প্ৰতিনিশাই দেৰিকৈ ঘৰলৈ ওভটা গুঠু কালি নিশা ঘৰলৈ ওভটি অহা নাছিল। নিশাই কোনোৱাই হত্যা কৰি ৰে’ল লাইনৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ। ঘটনাস্থলীত সময়মতে আৰক্ষী উপস্থিত নোহোৱাত গুঠুৰ মৃতদেহ নিজ বাসগৃহলৈ লৈ আনে পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত এক উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালৰ সদস্যসকলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular