spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকযৌনগন্ধী মেছেজ, ফুৰিবলৈ ধৰে লগ, অনলাইন ক্লাছত চায় ছাত্ৰীৰ নাচ, আৰু কত...

যৌনগন্ধী মেছেজ, ফুৰিবলৈ ধৰে লগ, অনলাইন ক্লাছত চায় ছাত্ৰীৰ নাচ, আৰু কত কি ‘কীৰ্তি’ আফতাব ছাৰৰ!

বোকাখাত : বোকাখাতৰ ঐতিহ্যমণ্ডিত চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ত কালিমা। পুনৰ গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত ক’লা দাগ লগালে এজন প্ৰবক্তাই৷ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা আফতাফিজুৰ ৰহমানৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ৷ জানিব পৰা মতে, ছাত্ৰীক যৌনগন্ধী মেছেজ দিয়াৰ অভিযোগ উত্থাপিত হৈছে প্ৰবক্তাজনৰ বিৰুদ্ধে৷


মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় সান্মাষিকৰ এগৰাকী ছাত্ৰীক ইংৰাজী বিভাগৰ প্ৰবক্তাগৰাকীয়ে অশ্লীল মেছেজ দিয়াৰ উপৰি ছাত্ৰীগৰাকীক এদিনৰ বাবে ফুৰিবলৈও লগ ধৰিছে বুলি জানিবলৈ দিয়ে। ছাত্ৰীগৰাকীয়ে এই সন্দৰ্ভত সহপাঠীক অৱগত কৰাৰ পাছতে উত্তাল হৈ পৰে মহাবিদ্যালয়ৰ চৌহদ। ইফালে, এই সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে।

ইফালে, অভিযুক্ত প্ৰবক্তা আফতাফিজুৰ ৰহমানৰ বিৰুদ্ধে আৰু একাধিক ছাত্ৰ-ছাত্ৰীয়ে ম’বাইললৈ যৌনগন্ধী মেছেজ, ছাত্ৰীৰ হাতত ধৰা তথা অনলাইন ক্লাছত অকলে নাচিবলৈ দিয়া আদি অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষই উচিত বিচাৰ কৰাৰ আশ্বাস প্ৰদান কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular