বকোৰ লাম্পীত উত্তেজনা, সীমান্ত আৰক্ষীচকী ঘেৰাও সাধাৰণ জনতাৰ

গুৱাহাটীঃ বকোৰ লাম্পীত নিশা তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। লাম্পী সীমান্ত আৰক্ষীচকী ঘেৰাও কৰিছে সাধাৰণ জনতাই। অসম-মেঘালয় সীমান্তক লৈ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। অসমৰ ভূমিত মেঘালয় প্ৰশাসনৰ হস্তক্ষেপত ক্ষোভিত হৈ পৰিছে সীমান্তবাসী।

আৰু পঢ়িব পাৰিব: ছ’চিয়েল মিডিয়াত ভাইৰেল আলিয়াৰ কান্দোন : ৯৫ শতাংশই ডিছলাইক

লাম্পীৰ মৌলানত পথ নিৰ্মাণত বাধাপ্ৰদান মেঘালয় আৰক্ষীৰ। ৫জন গঞাক আটক কৰিছিল মেঘালয় আৰক্ষীয়ে। লাম্পী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিকো আটক কৰিছে আৰক্ষীয়ে। সভাপতি সম্ভ চেত্ৰী, হৰি থাপা, সুৰেন্দ্ৰ বড়ো, নিপু বড়ো আৰু ৰনেশ পেগুক আটক কৰিছে আৰক্ষীয়ে।

আটক কৰি নি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। তাৰ পাছতে উত্তেজিত হৈ উঠে গঞা-ৰাইজ। বহু সময়ৰ পাছত মেঘালয় আৰক্ষীয়ে মুকলি কৰি দিয়ে আটক কৰা লোককেইজনক।

আৰু পঢ়িব পাৰিব: স্বাস্থ্যকৰ্মীক প্ৰহাৰ কৰি পলাল ক’ভিড আক্ৰান্ত, নগাঁৱত চাঞ্চল্য

ইপিনে শম্ভু ছেত্ৰী আৰু হৰি থাপাক নিশাই অসম আৰক্ষীৰ দল এটাই বকো স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰাই স্বাস্থ্যপৰীক্ষা কৰাইছে৷ দীৰ্ঘদিন ধৰি অসমৰ ভূ-খণ্ড লাম্পীক লৈ চলি আহিছে বিতৰ্ক। লাম্পী ৰক্ষাৰ স্বাৰ্থত অসম চৰকাৰৰ নিৰ্লিপ্ততাত ক্ষোভিত হৈ পৰিছে লাম্পীবাসী।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES