spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeৰাষ্ট্ৰীয়লেকাম নোহোৱা মুখ; কিহৰ স্বাৰ্থত কংগনাক লেকাম লগাবলৈ অপাৰগ চৰকাৰ ?

লেকাম নোহোৱা মুখ; কিহৰ স্বাৰ্থত কংগনাক লেকাম লগাবলৈ অপাৰগ চৰকাৰ ?

ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ পাছে পাছে ঘূৰে বিতৰ্ক। অৱশ্যে তেওঁ জানি-শুনি নিজেই বিতৰ্কত সাঙুৰ খাই পৰে। ইচ্ছাকৃতভাবে কংগনাই বাৰে বাৰে বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰাৰ লগতে জনসাধাৰণৰ পৰা নিৰন্তৰ খাই আছে গৰিহনা। কংগনাই ভাৰতৰ স্বাধীনতা, জাতিৰ পিতা মহাত্মা গান্ধী আৰু ঐতিহাসিক কৃষক আন্দোলনৰ সৈতে জড়িত কৃষকসকলক কৰিছে চৰম অপমান। এক অৰ্থত মুখত যি আহে তাকে বলকিব লৈছে অভিনেত্ৰীগৰাকীয়ে। কাৰ ছত্ৰছায়াত পালিত হৈছে কংগনা ৰাণাৱটৰ এই বিষবাস্প বিয়পোৱা মনোভাৱ? ১৯৪৭ চনত ভাৰতবৰ্ষই লাভ কৰা স্বাধীনতাক কংগনাই ‘ভিক্ষা’ বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে পদ্মশ্ৰী পোৱাৰ পাছতেই কংগনাই কৈছিল যে ”ভাৰতবৰ্ষই ১৯৪৭ চনত স্বাধীনতা পোৱা নাছিল, পাইছিল ২০১৪ চনতহে।”

অনেক বীৰৰ ত্যাগ, শৌৰ্য, পৰাক্ৰমেৰে ১৯৪৭ চনত বৃটিছৰ কবলৰ পৰা মুক্ত হৈ ভাৰতে লাভ কৰা স্বাধীনতাক এনেদৰে কৈ একপ্ৰকাৰ ভেঙুচালি কৰিছিল বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটে। ভাৰতে স্বাধীনতা লাভ কৰিছিল অনেক বীৰ-বীৰাংগনাৰ আত্ম বলিদানৰ বাবে। স্বাধীনতাৰ বাবে যদি কোনো শ্বহীদ হৈছিল, কোনো ফাঁচীকাঠত ওলমিছিল আৰু কোনোবাই গুলী খাবলৈ বুকু পাতি দিছিল। এই ত্যাগ তথা বলিদানক স্পৰ্ধা কৰি অভিনেত্ৰীগৰাকীয়ে ক’লে এয়া স্বাধীনতা নহয় এয়া ভিক্ষাহে। ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পাছতহে প্ৰকৃতাৰ্থত ভাৰতে স্বাধীনতা লাভ কৰিলে বুলি মন্তব্য কংগনা ৰাণাৱটৰ। দেশৰ স্বাধীনতাক লৈ এনেদৰে তীৰ্যক মন্তব্য কৰাৰ পাছতো কিন্তু অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ‘টু’ শব্দ এটাও নকৰিলে বিজেপি শাসিত কেন্দ্ৰ চৰকাৰে। কংগনাৰ মুখত কোনেও লেকাম নলগোৱাৰ বাবে একপ্ৰকাৰ লাই পাই তেওঁ ইটোৰ পিছোত সিটো উদ্ভট মন্তব্য কৰি গৈ আছে। এই চৰকাৰৰ দিনত বৰ্তমান সময়ত মহাত্মা গান্ধীৰ বদনাম আৰু মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ জয়গান চলি আছে। বিজেপি চৰকাৰে সততে গীতাৰ কথা কয়। গীতাৰ প্ৰতিটো কথাই মানি চলিছিল মহাত্মা গান্ধীয়ে। তেনেস্থলত মহাত্মা গান্ধীক কটূ সমালোচনা কৰি থকা বিজেপি নেতা-কৰ্মীসকলে যে কাৰ্যত গীতাৰ সাৰমৰ্ম একো নুবুজে তাকে প্ৰতীয়মান হয়।

মহাত্মা গান্ধীৰ এটি জনপ্ৰিয় নীতি হ’ল-”তোমাক যদি এখন গালত কোনোবাই চৰ মাৰে তেন্তে আনখন গালো পাতি দিবা।” এই নীতিৰে বাপুজীয়ে মানুহক অহিংসাৰ শিক্ষা দিছিল। ‘অহিংসা পৰম ধৰ্ম’ক তাচ্চিল্য কৰি কংগনাই কয় যে, ”আনখন গাল পাতি দিলে ভিক্ষাহে পাই স্বাধীনতা নাপায়৷ ১৯৪৭ চনত দেশে লাভ কৰা স্বাধীনতা ব্ৰিটিছে দিয়া ভিক্ষা আছিল৷ মহাত্মা গান্ধীয়ে আমাক শিকাইছিল যে, কোনোবাই এখন গালত চৰ মাৰিলে আনখন গাল পাতি দিব লাগে৷ এইদৰেই স্বাধীনতা পোৱাতো অসম্ভৱ৷ এনেকৈ কোনেও স্বাধীনতা পাব নোৱাৰে, ভিক্ষাহে পাব৷” ইয়াৰ পাছত তেওঁ এইবাৰ কৃষক আন্দোলনৰ সৈতে জড়িত শিখ কৃষকসকলক খালিস্তানী বুলি অভিহিত কৰিছে। দেশৰ অন্নদাতা কৃষকক কৰা ইয়াতকৈ ডাঙৰ অপমান কি হ’ব পাৰে।

এনেদৰে ইটোৰ পাছত সিটো বিতৰ্কিত মন্তব্য কৰাৰ পাছতো কিন্তু অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ‘টু’ শব্দ এটাও কৰা নাই বিজেপি শাসিত কেন্দ্ৰ চৰকাৰে। কংগনাৰ মুখত কোনেও লেকাম নলগোৱাৰ বাবে একপ্ৰকাৰ লাই পাই তেওঁ ইটোৰ পিছোত সিটো উদ্ভট মন্তব্য কৰি গৈ আছে।কংগনা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ মদদপুষ্ট নেকি বুলিও উঠিছে সন্দেহৰ প্ৰশ্ন। কংগনা ৰাণাৱটক ভয় কৰে নেকি কেন্দ্ৰ চৰকাৰে বুলিও উঠিছে অভিযোগ।

সমাজৰ অধিকাংশ লোকেই দাবী কৰিছে যে ভাৰতৰ স্বাধীনতাক অপমান কৰা কংগনা ৰাণাৱটৰ পৰা কেন্দ্ৰ চৰকাৰে পদ্মশ্ৰী, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘূৰাই ল’ব লাগে। সচেতন লোকে এই বিষয়টোৰ সন্দৰ্ভত সমালোচনা কৰি কৈছে যে, ”প্ৰধানমন্ত্ৰী মোদীৰ স্বাধীনতাৰ প্ৰতি যদি নূন্যতম সন্মান থাকে, তেন্তে অনতি পলমে কংগনা ৰাণাৱাটৰ পৰা পদ্মশ্ৰী সন্মান ঘূৰাই ল’ব লাগে। স্বাধীনতা সংগ্ৰামক উপলুঙা কৰাসকল কোনো দেশদ্ৰোহীতকৈ কম নহয়।” এতিয়া কথা হ’ল কংগনা ৰাণাৱটৰ বিৰুদ্ধে কেতিয়া জাগি উঠিব কেন্দ্ৰ চৰকাৰ নে অভিনেত্ৰীগৰাকীৰ আচৰণক লৈ চকু মুদা কুলিৰ ভাওৱেই ধৰি থাকিব…সেয়াই এই সময়ত লাখটকীয়া প্ৰশ্ন।

আৰু পঢ়কঃ ২০২২ চনে এই ৬ ৰাশিৰ লোকৰ বাবে খুলি দিব সৌভাগ্যৰ দুৱাৰ! কি এই ৬ ৰাশি?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular