spot_img
15.2 C
Guwahati
15.2 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeমনোৰঞ্জননকৰে চিনেমা, নকৰে বিজ্ঞাপন! তাৰপাছতো কেনেকৈ ঘৰ চলায়, বিলাসী জীৱন কটায় ৰেখাই?

নকৰে চিনেমা, নকৰে বিজ্ঞাপন! তাৰপাছতো কেনেকৈ ঘৰ চলায়, বিলাসী জীৱন কটায় ৰেখাই?

ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী ৰেখাৰ জনপ্ৰিয়তা এতিয়াও হ্ৰাস হোৱা নাই। নিজৰ ৰূপ সৌন্দৰ্যৰে এতিয়াও জনসাধাৰণক আকৰ্ষণ কৰে ৰেখাই। ৬৩ বছৰ বয়সতো তেওঁ নিজৰ সৌন্দৰ্যক ধৰি ৰাখিছে। ৰঙীন কাপোৰ পিন্ধি, সাজি-কাচি থাকি ভালপায় ৰেখাই।আজিও অনুৰাগীসকল তেওঁৰ আকৰ্ষণীয় কণ্ঠস্বৰ আৰু অপৰূপ সৌন্দৰ্যৰ প্ৰতি আগ্ৰহী৷ ৰেখাই কটায় বিলাসী জীৱন। ৰেখাই চিনেমা নকৰা বহু বছৰেই হ’ল। তেওঁ কোনো বিজ্ঞাপনতো ভাগ নলয় তাৰপাছতো তেওঁ কেনেকৈ ইমান বিলাসী জীৱন কটাব পাৰে সেই প্ৰশ্ন বহুতৰে মনত উদয় হয়। ৰেখাই ১৪ বছৰ বয়সৰ পৰাই চলচ্চিত্ৰ জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। অভিনেত্ৰী ৰেখাই বলীউডৰ লগতে আৰু দক্ষিণৰ ছবিতো অভিনয় কৰিছে৷

তেওঁ এনে সুন্দৰ অভিনয় কৰিছিল যাৰবাবে এতিয়াও তেওঁ দৰ্শকৰ হৃদয় আৰু মনত আধিপত্য বিস্তাৰ কৰি আছে।চিনেমা জগতৰ পৰা তেওঁ সম্পূৰ্ণৰূপে আঁতৰি থকা বহু বছৰেই হ’ল। অনুৰাগীসকলৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে যে ৰেখাৰ ঘৰ কেনেকৈ চলে? ৰেখাৰ উপাৰ্জনৰ উৎস কি? ৰেখা ৰাজ্যসভাৰ সাংসদ। ৰাজ্যসভাৰ সাংসদ হোৱাৰ বাবে তেওঁ যথেষ্ট সুবিধা লাভ কৰে৷ আৰু সেয়াই তেওঁৰ উপাৰ্জনৰ মুখ্য উৎস৷ ইয়াৰ উপৰিও ৰেখাৰ দক্ষিণ ভাৰত আৰু মুম্বাইত বহুতো ভাড়াঘৰ আছে। এই ঘৰভাড়াৰ পৰাও সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে ৰেখা।

ৰেখা এটা মধ্যবিত্ত পৰিয়ালৰ সন্তান আছিল৷ ৰেখাই সাধাৰণ জীৱন যাপন কৰিবলৈ ভাল পায়৷ তেওঁ বেছি পাৰ্টি কৰিবলৈ আগ্ৰহী নহয়। ৰেখাই ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাত বিশ্বাস কৰে। সেইকাৰণে তেওঁ প্ৰতিটো অনুষ্ঠানতে সম্পূৰ্ণ ভাৰতীয় পোছাকত আৰু ভাৰতীয় ৰূপসজ্জাৰে উপস্থিত হয়।

আৰু পঢ়কঃ ছবৰীমালা মন্দিৰ দৰ্শনৰ বাবে অজয় দেৱগণৰ ৪১ দিনৰ কঠোৰ সাধনা! খালি ভৰিৰে মন্দিৰত উপস্থিত

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular