Google search engine
28 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeব্ৰেকিং নিউজদেশত এদিনতে আক্ৰান্ত ১ লক্ষাধিক, বলীউডতো কৰ’নাৰ আগ্ৰাসন

দেশত এদিনতে আক্ৰান্ত ১ লক্ষাধিক, বলীউডতো কৰ’নাৰ আগ্ৰাসন

মুম্বাই : দেশত দিনে দিনে বৃদ্ধি পাবলৈ ধৰা কৰ’নাই ক্ৰমাৎ গ্ৰাস কৰিছে বলীউডকো৷ দেওবাৰৰ দিনটোত দেশত লক্ষাধিক ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। ইজনৰ পাছত সিজনকৈ বলীউডৰ তাৰকাৰ দেহত ধৰা পৰিছে ক’ভিড-১৯৷ বলীউড অভিনেতা বিকী কৌশল, ভূমি পেডনেকাৰ, গোবিন্দা, অক্ষয় কুমাৰে ধৰি বহুকেইজন তাৰকা আক্ৰান্ত হৈছে ক’ভিড ১৯ত৷

আৰু পঢ়িব পাৰিব : পশ্চিমবংগৰ নিৰ্বাচনত এইবাৰ বচ্চন পৰিয়াল, তৃণমূলৰ নতুন কৌশল

ইতিমধ্যে, অক্ষয় কুমাৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ বিপৰীতে আন আটাইকেজনে চিকিৎসকৰ পৰামৰ্শমতে ঘৰতে আছুতীয়াকৈ থাকি চিকিৎসা গ্ৰহণ কৰি আছে৷ কিছুদিন পূৰ্বে অভিনেত্ৰী আলিয়া ভাটৰ দেহতো ধৰা পৰিছিল ক’ভিডৰ উপস্থিতি৷ উল্লেখ্যে যে, ক’ভিডৰ নতুন ঢৌত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰৰ মুম্বাইত ১১,১৬৩জন নতুনকৈ অৰ্থাৎ বিগত ২৪ ঘণ্টাত ক’ভিড চিনাক্ত হৈছে।

আৰু পঢ়িব পাৰিব : বীৰত্বক ছ্যেলুট দুধনৈবাসীৰ : বাবলু ৰাভাক সামৰিক মৰ্যাদাৰে শেষকৃত

ইয়াৰ পাছতে মুম্বাইত মুঠ ৰোগীৰ সংখ্যা ৪,৫২,৪৪৫জনলৈ বৃদ্ধি পায়৷ তাতোকৈ উদ্বেগজনক কথাটো হৈছে দেশত এদিনতে ১ লাখৰো অধিক ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। দেওবাৰৰ দিনটোত ১,০৩,৫৫৮জন আক্ৰান্ত চিনাক্ত হয়। দেশত এই বছৰ প্ৰথমবাৰৰ বাবে লক্ষাধিক আক্ৰান্ত চিনাক্ত হৈছে। দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা প্ৰায় ১ কোটি ২৬ লাখলৈ বৃদ্ধি পাইছে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Mon
31 °
Tue
28 °
Wed
31 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular